ওৰাঙৰ পথ দুৰ্ঘটনাত নিহত ১ আহত ১

 04/11/2019 - 13:13

ওৰাংঃ ৰাজ্যত বৰ্ধিত হাৰত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। পুনৰ এক পথ দুৰ্ঘটনাই জোঁকাৰি গ’ল ওৰাঙক। 

ওৰাঙৰ ৰৌতা থানাৰ অন্তৰ্গত ফকিৰ আলিত বুধবাৰে নিশা সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে অখিল দে নামৰ এজন যুৱক। আনহাতে দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হৈছে অধিৰ দে নামৰ আন এজন যুৱক। দুয়োজন যুৱকৰ ঘৰ শোণিতপুৰৰ ঢেকীয়াজুলিত।

জানিব পৰা মতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা AS-01FC-4457 নম্বৰৰ মালবাহী ট্ৰাকখনৰ পিছফালে AS-01-DB-6099 নম্বৰৰ বাইকখনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতেই এই পথ দুৰ্ঘটনাটো সংঘটিত হৈছে।

নিহত অখিল দেৰ মৃতদেহ আৰক্ষীয়ে চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু আহত অধিৰ দেক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।