কাইলৈৰপৰা দুদিনীয়া কাৰ্যসূচীৰে অশ্বক্লান্ত দেৱালয়ত অশোকাষ্টমীৰ আয়োজন

 04/11/2019 - 13:33

উত্তৰ গুৱাহাটী: তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত পুৰাণ প্ৰসিদ্ধ দেৱালয় বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়। কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে দেৱালয় প্ৰাংগণত পঞ্চাশ হাজাৰৰো অধিক ভক্তৰ অংশগ্ৰহণেৰে উদযাপন কৰা হ'ব অশোকাষ্টমী মেলা। অশ্বক্লান্ত দেৱালয়ৰ বিষ্ণুপদ ক্ষেত্ৰ ভাৰতৰ প্ৰসিদ্ধ গয়া তীৰ্থত ভক্তসকলে পিতৃপুৰুষৰ পিণ্ডদান, অস্হিক্ষেপন, তৰ্পন, পবিত্ৰ স্নানৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাবেশ ঘটিব।

প্ৰবাদ অনুসৰি অশোকাষ্টমীৰ দিনা পবিত্ৰ গংগা নদীৰ পানীৰ সোঁত এধাৰি ব্ৰহ্মপুত্ৰৰ জলৰাশিত মিলিত হয়। এইবাৰ অশ্বক্লান্ত দেৱালয়ত ১২ এপ্ৰিল শুক্ৰবাৰে পুৱা ১০.৩২ মিনিটৰ পৰা ১৩ এপ্ৰিলৰ পুৱা ৮.২৯ মিনিটলৈ পালন কৰা হ'ব। দেৱালয় পৰিচালনা সমিতিৰ সভাপতি তথা দলৈ লক্ষেশ্বৰ শৰ্মাই জানিবলৈ দিয়া মতে, ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে সকলোধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। পৰ্যটন বিভাগ, প্ৰশাসন আৰু উত্তৰ গুৱাহাটী ৰাইজৰ সহযোগত সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে।

এইবাৰ অশোকাষ্টমীত সকলো যাত্ৰীৰ বাবে খিচিৰি ভোগৰ ব্যৱস্থা কৰা হৈছে। এই ভোগ আগবঢ়াইছে এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ সঞ্চালিকা ৰিনিকি ভূঞা শৰ্মাই। লগতে তেওঁ দেৱালয়খনত এবছৰৰ বাবে দৈনিক ভোগ আগবঢ়োৱাৰ বাবে এক বিশেষ ধনৰাশিও দেৱালয় কৰ্তৃপক্ষক প্ৰদান কৰে। এতিয়া প্ৰতি দিনেই যাত্ৰীসকলৰ বাবে থাকিব ভোগ।

উল্লেখনীয় যে, অশোকাষ্টমী উপলক্ষে এইবাৰ প্ৰথমবাৰৰ বাবে বিশ্ব হিন্দু পৰিষদ উত্তৰ গুৱাহাটী আমিনগাঁও খণ্ডৰ উদ্যোগত শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয় পৰিচালনা সমিতিৰ সহযোগত মহিলাৰ দিহানাম প্ৰতিযোগিতা অহা ১২ এপ্ৰিলত অনুষ্ঠিত হ'ব।

ইচ্ছুক প্ৰতিযোগী দলবোৰক অহা ১০ এপ্ৰিলৰ পুৰ্বে  কুলেন চন্দ্ৰ বড়ো ৯৪৩৫৩৪৪৩১৪, মুকুটেশ্বৰ গোস্বামী ৭০০২৪১৫৯২৭, জ্যোতিপ্ৰসাদ তামুলী ৯৫০৮৭০২১৮৮ আৰু ধৰ্মেন্দ্ৰ তামূলী ৯৭০৭২১১১১৮ ৰ লগত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।