ভোটাধিকাৰৰ পৰা বঞ্চিত হ’ল কিৰেন ৰিজিজু

 04/11/2019 - 13:48

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হ’ল লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ৷

কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে খোদ এগৰাকী কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে। কিৰেন ৰিজিজু অপাৰগ হ’ল ভোটদান কৰিবলৈ৷

কিৰেন ৰিজিজুৰ ভোটগ্ৰহণ কেন্দ্ৰ আছিল পশ্চিম কামেং জিলাৰ নাফ্ৰাত৷ কিন্তু হেলিকপ্টাৰ সেৱাৰ নাটনিৰ বাবে তেওঁ যাব নোৱাৰিলে ভোটগ্ৰহণ কেন্দ্ৰলৈ।

বৰ্তমান ইটানগৰতে বাহৰ পাতি আছে ৰিজিজুয়ে। মন্ত্ৰীগৰাকী সন্ধিয়া গুৱাহাটীলৈ অহাৰ সম্ভাৱনা আছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।