উত্তৰপৰীয়া ৰাইজৰ বিপদসংকুল ফেৰী যাত্ৰা, ৰেলিং অবিহনে চলে এম ভি মেলভিন

 04/11/2019 - 13:58

উত্তৰ গুৱাহাটী: আভ্যন্তৰীণ জলপৰিৱহণ বিভাগটোয়ে মধ্যমখণ্ড ঘাটত মান্ধাতা যুগৰ এম ভি মেলভিন নামৰ জাহাজখন ব্যৱহাৰ কৰি আহিছে। যিখন জাহাজে প্ৰতিদিনে বহন ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িয়াই আহিছে। ফলত অত্যধিক বোজাৰ ভৰ সহিব নোৱাৰি যোৱা বছৰ বাৰিষা কেইবাবাৰো উটি গৈছিল জাহাজখন।

জাহাজখনৰ পুৰণি ইয়াৰ বিভিন্ন স্থানত লোৰ মামৰ লাগিছে। জাহাজৰ সন্মুখৰ ৰেলিঙবোৰ মেৰামতিৰ অভাৱত চিঙি গৈছে। ফলত যিকোনো সময়ত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ নিৰীহ যাত্ৰীৰ প্ৰাণ যোৱাৰ আশংকা নুই কৰিব নোৱাৰি।

আনহাতে, কৰ্তৃপক্ষক বাৰম্বাৰ ৰেলিঙ লগোৱাৰ বাবে অনুৰোধ জনোৱাৰ পাছতো কোনো ফল নধৰাত উপায়ন্তৰ হৈ পৰিছে সাধাৰণ যাত্ৰী। যাত্ৰীৰ অভিযোগ, যিহেতু মধ্যমখণ্ডৰ জাহাজ এম ভি মেলভিন বহুবাৰ ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপিহে ৰক্ষা পৰিছিল আৰু এতিয়াও যিকোনো মুহুৰ্ততে দুৰ্ঘটনা হ'ব পাৰে সেইবাবেই এই আওপুৰণি জাহাজখনৰ বাৰিষাৰ পূৰ্বে মেৰামতি কৰি যাত্ৰীসকলক সুৰক্ষিত সেৱা আগবঢ়োৱাৰ বাবে উত্তৰ গুৱাহাটীৰ যাত্ৰীসকলে আভ্যন্তৰীণ জলপৰিৱহণ বিভাগ আৰু চৰকাৰক দাবী জনাইছে।

অন্যথা, ৫ ছেপ্তেম্বৰৰ অভিশপ্ত নাওঁ দুৰ্ঘটনাৰ পুনৰাবৃত্তি হ'ব পাৰে বুলি যাত্ৰীসকলে আশংকা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।