লেণ্ড ৰ’ভাৰ কিনিব নেকি...খৰধৰ কৰক

 02/21/2019 - 15:34

মুম্বাইঃ অতি বিলাসী গাড়ী জাগুৱাৰ লেণ্ড ৰ’ভাৰ এখনৰ গৰাকী হোৱােতা বহু মানুহৰে এক বিলাসী সপোন! সুখৰ খবৰ, ভাৰতত এই সপোনক বাস্তৱ ৰূপ দিবলৈ আগবাঢ়ি আহিছে আমেৰিকাৰ বৃহৎ গাড়ী কোম্পানী জাগুৱাৰ লেণ্ড ৰ’ভাৰ।

কোম্পানীটোৱে শেহতীয়াকৈ ঘোষণা কৰিছে যে জাগুৱাৰ লেণ্ড ৰ’ভাৰৰ গাড়ীত গ্ৰাহকে ২০ লাখ টকালৈকে লাভ কৰিব ৰেহাই। কোম্পানীটোৱে জাগুৱাৰ XJL(ছেডান)২০ লাখ টকাৰ ৰেহাই দিয়াৰ উপৰিও লেণ্ড ৰ’ভাৰ ডিস্ক’ভাৰী স্পৰ্টছত ৭ লাখ, নিউ জেনেৰেচন ডিস্ক’ভাৰীত ১২ লাখ, এক্স এফ ছিডানত ৮ লাখ টকাৰ ৰেহাইৰ মূল্য আগবঢ়াইছে।

কোম্পানীটোৰ তথ্য অনুসৰি ২০১৮ বৰ্ষৰ জানুৱাৰী-আগষ্ট মাহত নিৰ্মিত গাড়ীসমূহৰ ক্ষেত্ৰতহে এই অফাৰৰ সুবিধা গ্ৰহণ কৰিব পাৰিব গ্ৰাহকে। ২০১৯ বৰ্ষত নিৰ্মিত ডিস্ক’ভাৰী স্পৰ্টছ আৰু ডিস্ক’ভাৰীৰ বজাৰ মূল্য ক্ৰমান্বয়ে ৪৪.৬৮-৬১.২৭ লাখ আৰু ৭৫.৮৪-৮৮.১১ লাখ। জাগুৱাৰ XFৰ মূল্য ৪৯.৭৮ লাখৰ পৰা আৰম্ভ কৰি ৬১.৩৯ লৈকে আৰু XJ ৰ মূল্য ১.১১ কোটি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।