বটদ্ৰৱাত মেধাৱী ছাত্ৰৰ অকাল মৃত্যু

 10/25/2019 - 18:38

বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী হাইডুবী গাঁৱৰ নিৱাসী সুৰুজ আলীৰ পুত্ৰ তথা বাটমাৰী জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আনাৰুল ইছলামৰ শুকুৰবাৰৰ পুৱা ৮বজাত বিয়োগ হয়। প্ৰাপ্ত খৱৰ অনুসৰি, ছাত্ৰজনৰ যোৱা নিশাৰ পৰা বমি হৈ আছিল। শুকুৰবাৰৰ পুৱা পৰিয়ালৰ সদস্যই ছাত্ৰজনক চিকিৎসাৰ বাবে ধিং স্বাস্থ্য কেন্দ্ৰলৈ নি থকা অৱস্থাতে বাটতে অকাল মৃত্যুক সাবটি লয়। মেধাৱী ছাত্ৰজনৰ অকাল মৃত্যুৰ খৱৰত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। লগতে ছাত্ৰজনে অধ্যয়ন কৰা বাটমাৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ আশ্বাফুল হুছেইন, উপাধ্যক্ষ শ্বমীম আহমেদ চৌধুৰী, ইক্ৰামুল হক, হাফিজ ইক্ৰামুল হুছেইনকে প্ৰমুখ্য কৰি শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ শান্তিৰ কামনা কৰি মৌন প্ৰাৰ্থনা কৰে। কনমানি ছাত্ৰ আনাৰুল ইছলামৰ বিয়োগত আমছুৰ বৃহত্তৰ বটদ্ৰৱা আঞ্চলিক সমিতিৰ সভাপতি ছাদ্দাম হুছেইন, বটদ্ৰৱা প্ৰেছ ক্লাৱ, জাজৰি প্ৰেছ ক্লাৱৰ লগতে বিভিন্নবিভিন্নজনে শোক প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।