তামুলপুৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ মাজ মজিয়াত মটঙা নদীৰ পাৰত থকা ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত বুধবাৰে নিশা প্ৰায় ১০-৪০ বজাত কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নি সংযোগ কৰা ঘটনাই তামুলপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
তামুলপুৰ মটঙা চ'কত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে তামুলপুৰৰ মটঙা নদীৰ পাৰত এটি কাৰ্য্যালয় স্থাপন কৰা হৈছিল। কিন্তু বুধবাৰে নিশা কোনো দুৰ্বৃত্তই কাৰ্যালয়টোত অগ্নিসংযোগ কৰে।
স্থানীয় এজন যুৱকে কাৰ্যালয়ত জুই লগা দেখা পাই ইউপিপিএলৰ তামুলপুৰ ব্লকৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ মুখ্য আহ্বায়ক জিতেন মোছাহাৰীক খবৰ দিয়ে। লগে লগে জিতেন মোছাহাৰী আৰু অন্যান্য দলীয় কৰ্মীসকল কাৰ্যালয়টোত উপস্থিত হয় আৰু তামুলপুৰ আৰক্ষীক খবৰ দিয়ে।
খবৰ পায়েই তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাৰ নেতৃত্বত আৰক্ষীৰ দল আহি ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে।
গণতান্ত্ৰিকভাবে অনুষ্ঠিত নিৰ্বাচনত নিৰ্বাচনী কাৰ্যালয়ত অগ্নি সংযোগ কৰা ঘটনাক জিতেন মোছাহাৰী আৰু নিৰ্বাচনী প্ৰচাৰ সমিতিৰ সভাপতি বাণীকান্ত বসুমতাৰীয়ে গৰিহণা দিছে আৰু দুষ্কৃতিকাৰীক আটক কৰি কঠোৰ শাস্তি বিহাৰ বাবে দাবী জনাইছে।