ৰঙাপৰাত ভোটাৰৰ দীঘলীয়া শাৰী

 04/11/2019 - 16:02

ৰঙাপৰাঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত। পুৱা ৭ বজাৰ পৰা শান্তিপূৰ্ণভাৱে অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

শোণিতপুৰ জিলাৰ ৭৪ নং বিধানসভা সমষ্টি ৰঙাপৰাৰ প্ৰতিটো ভোটকেন্দ্ৰত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। নিজৰ গণতান্ত্ৰিক অধিকাৰ সাবস্ত্য কৰিবলৈ ওলাই আহিছে জনসাধাৰণ।

ভোটদানৰ বাবে আহি প্ৰখৰ ৰ'দত শাৰী পাতি অপেক্ষা কৰি থকা জনসাধাৰণে খোৱা পানীৰ অভাৱ বাৰুকৈ অনুভৱ কৰে। বাতৰি যোগোতোৱাৰ পৰলৈকে ৪০% শতাংশ ভোট হোৱা বুলি জানিব পৰা গৈছে।

উত্তৰ–পূবৰ আনকেইখন ৰাজ্যতো অব্যাহত আছে ভোটগ্ৰহণ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।