ডিব্ৰুগড়ত কেইবাটাও কেন্দ্ৰত পলমকৈ ভোটগ্ৰহণ

 04/11/2019 - 16:21

ডিব্ৰুগড়ঃ ইভিএম মেচিন বিকলৰ বাবে ডিব্ৰুগড়ৰ কেইবাটাও কেন্দ্ৰত পলমকৈ ভোটগ্ৰহণ হোৱাৰ কথা জানিব পৰা গৈছে।

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া ৭ বজাৰ বিপৰীতে কিছু কিছু কেন্দ্ৰত প্ৰায় দুই ঘন্টা পলমকৈ অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

বিশেষকৈ দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত দূৰ্গা নগৰ প্ৰাথমিক বিদ্যালয়ৰ ১৫০ নং ভোটগ্ৰহণ কেন্দ্ৰটোত ইভিএম বিকল হৈ পৰে।

একেদৰে ডিব্ৰুগড় চহৰৰ তিনিটাকৈ স্থানত ইভিএম বিকল হোৱাৰ বাতৰি পোৱা গৈছে। ডিব্ৰুগড় কদমনি ৭১ নং বেংগলী হাইস্কুল কেন্দ্ৰত পুৱা ৮ বজালৈকে আৰম্ভই হোৱা নাছিল ভোটগ্ৰহণ।

একেদৰে ই ভি এম বিসংগতিৰ ফলত কানৈ মহাবিদ্যালয়ৰ ৮০ নং ভোটগ্ৰহণ কেন্দ্ৰতো ভোটগ্ৰহণ পলমকৈ অনুষ্ঠিত হোৱাৰ কথা জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।