ভোট দিবলৈ আহি মৃত্যু মহিলাৰ

 04/11/2019 - 16:41

সোণাৰিঃ ভোট দিবলৈ আহি মৃত্যুক আঁকোৱালি লয় এগৰাকী মহিলাই৷ প্ৰখৰ ৰ’দত ভোটদান কৰিবলৈ অহাই কাল হ’ল মহিলাগৰাকীৰ৷

যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত সোণাৰি বিধানসভা সমষ্টিৰ এটি ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিবলৈ বুলি ঘৰৰ পৰা ওলাওতেই মহিলাগৰাকীয়ে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।

মৃত মহিলাগৰাকী সমষ্টিটোৰ চফ্ৰাই বৰপথাৰ গাঁৱৰ মেহবুব হুছেইনৰ পত্নী নাছিমা খাতুন বুলি জানিব পৰা গৈছে। মহিলা গৰাকীয়ে পুৱা ১০ মান বজাত ঘৰৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰলৈ বুলি ওলাওতেই উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ঢলি পৰে।

পৰিয়ালৰ লোকে ততাতৈয়াকৈ মহিলাগৰাকীক সোণাৰি ৰজাপুখুৰীস্থিত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে। মহিলা গৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।