বিশ্বনাথ কাণ্ডৰ ২ মূল অভিযুক্তক গ্ৰেপ্তাৰ

 04/11/2019 - 16:56

বিশ্বনাথ চাৰিআলিঃ সমগ্ৰ দেশক জোকাৰি যোৱা বিশ্বনাথ কাণ্ডৰ ২ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ বুধবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত দুজনক।

৭ এপ্ৰিলত বিশ্বনাথ চাৰিআলিত চৌকত আলী নামৰ লোকজনক অকথ্য নিৰ্যাতন চলাইছিল কেইবাজনো যুৱকে৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত দুজনৰ নাম দূৰ্গেশ্বৰ বৰা আৰু ইন্দুকল্প বৰা৷ ধৃত দূৰ্গেশ্বৰ বৰা (৩৩)ৰ পিতৃৰ নাম ক্ষীৰধৰ বৰা আৰু ঘৰ মধুপুৰত৷

আনজন ধৃত ইন্দুকল্প (৩৫)ৰ পিতৃৰ নাম প্ৰফুল্ল বৰা আৰু ঘৰ ভীৰ গাঁৱত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।