ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত দীপাৱলীৰ ওপৰত সজাগতা বাটৰ নাট প্ৰদৰ্শন

 10/28/2019 - 14:30

ঢকুৱাখনাঃ দেওবাৰৰ পৰা সমগ্ৰ দেশজুৰি উদযাপিত হৈছে পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলীৰ দিনা ব্যৱহৃত আতচবাজীৰ শব্দই আৰু ইয়াৰ এলুমিনিয়াম কনা মিহলি ধোৱা-খাৰে মানৱ জীৱন আৰু বন্যপ্ৰাণীৰ জীৱনলৈ কিদৰে বিপদ নমাই আনিব পাৰে তাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে দেওবাৰে ঢকুৱাখনাৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নৰ্মাল স্কুল ঢকুৱাখনাৰ ডি, এল, এড'ৰ নিয়মীয়া প্ৰশিক্ষাৰ্থী আৰু ঘিলামৰা নেহৰু যুৱক কেন্দ্ৰৰ উদ্যোগত সাংবাদিক, সাহিত্যিক ৰাজীৱ বৰুৱাৰ ৰচনা আৰু পৰিচালনাৰে-"জোনাক নহওক অমাৱশ্যা" শীৰ্ষক এখনি বাটৰ নাট পৰিৱেশন কৰে।

ঢকুৱাখনাৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীক আৰু মৰনৈ বেবেজীয়া চাৰিআলিৰ শিৱ মন্দিৰ সন্মুখত দীপাৱলীৰ আতচবাজীৰ অপকাৰিতাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে নৰ্মাল স্কুল ঢকুৱাখনা আৰু সোৱণশিৰি অঞ্চলৰ যুৱক সকলৰ এই প্ৰয়াসক সকলোৱে আদৰণি জনাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.