বৰপেটাৰ চেঙা সমষ্টিত বিজেপিৰ গান্ধী সংকল্প যাত্ৰা

 10/28/2019 - 15:48

বৰপেটাঃ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানৰ নেতৃত্বত গান্ধী সংকল্প যাত্ৰা৷ গান্ধী সংকল্প যাত্ৰাত বৃহৎসংখ্যক সংখ্যালঘু লোকৰ অংশগ্ৰহন৷ এআইডিচিৰ উপাধ্যক্ষ জিতু তালুকদাৰৰো অংশগ্ৰহন৷ ৰাজ্য চৰকাৰৰ দুটা সন্তানৰ নীতিক লৈ আজমলে কৰা মন্তব্যক তীব্ৰ সমালোচনা মুক্তাৰ হুছেইন খানৰ৷

সংখ্যালঘুৰ জনসংখ্যা বৃদ্ধিৰে বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে৷ আজমলে সংখ্যালঘু লোকসকল দৰিদ্য, অশিক্ষিত হৈ থকাতো বিচাৰিছে৷ আজমলে ৰাজ্য চৰকাৰৰ দুটা সন্তানৰ নীতিক সমালোচনা কৰাৰ পিচতে বিজেপি নেতা মুক্তাৰ হুছেইন খানে তীব্ৰ সমালোচনা কৰে আজমলক৷ আজমলৰ এনে মন্তব্যক গৰিহনা প্ৰদান কৰে বিজেপি নেতা মুক্তাৰ হুছেইন খানে৷ আনহাতে কংগ্ৰেছকো তীব্ৰ সমালোচনা মুক্তাৰ হুছেইন খানৰ৷ কংগ্ৰেছে গান্ধীক নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।