বিশ্বনাথৰ কাণ্ডক তীব্ৰ গৰিহণা জামাতে-ই-ইছলামী হিন্দ উত্তৰ-পূৱ মণ্ডলৰ

 04/11/2019 - 18:09

গুৱাহাটী: যোৱা ৭এপ্ৰিলৰ দিনা শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ বজাৰত গো-মাংস বিক্ৰী কৰাৰ অভিযোগত চৌকত আলী নামৰ বয়োজ্যেষ্ঠ লোক এজনক একাংশ উদণ্ড লোকে যি ধৰণেৰে শাৰীৰিক নিৰ্যাতন চলাই পিছত বলপূৰ্বকভাৱে গাহৰি মাংস ভক্ষণ কৰিবলৈ বাধ্য কৰিলে সেই অমানৱীয় আৰু বৰ্বৰ কাণ্ডৰ প্ৰতিক্ৰিয়াত জামাতে-ই-ইছলামী হিন্দ উত্তৰ-পূৱ মণ্ডলে আজি গুৱাহাটী প্ৰেছ ক্লাবত 'হিংসা নহয় সম্প্ৰীতি আমাৰ বৈশিষ্ট্য' শীৰ্ষক এখন সংবাদমেলৰ আয়োজন কৰে।

এই সংবাদমেলৰ জৰিয়তে উক্ত অমানৱীয় আৰু বৰ্বৰ কাণ্ডৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে নিন্দা প্ৰকাশ কৰে মণ্ডলে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গো-মাংস বিক্ৰী বা ভক্ষণ কৰা নিষিদ্ধ নহয়, তেনেক্ষেত্ৰত মোনাত মাংস ৰখাৰ অভিযোগত আইন হাতত তুলি লৈ লোকজনৰ প্ৰহাৰ কৰাৰ অধিকাৰ তেওঁলোকে ক'ত পালে বুলি জামাতে-ই-ইছলামী হিন্দ উত্তৰ-পূৱমণ্ডললে আজি সংবাদমেলখনিত প্ৰশ্ন উত্থাপন কৰে।

আনহাতে, এই ঘটনাৰ আলম লৈ অঞ্চলটোত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে প্ৰতিটো দল-সংগঠনক সজাগ হৈ থাকিবলৈ অনুৰোধ জনায়।

লগতে চৰকাৰকো এই ক্ষেত্ৰত কঠোৰ দৃষ্টি ৰাখিবলৈ দাবী জনায় মণ্ডলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।