২১ এপ্ৰিলত অনুষ্ঠিত হ'ব 'মিছ এণ্ড মিছেছ গ্ল'ব ইণ্ডিয়া'ৰ অডিচন

 04/11/2019 - 18:26

গুৱাহাটী: মিছ এণ্ড মিছেছ গ্ল'ব ইণ্ডিয়া সৌন্দৰ্য প্ৰতিযোগিতাৰ অডিচন অহা ২১ এপ্ৰিল তাৰিখে গুৱাহাটীত আয়োজন কৰা হৈছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত এই কথা ব্যক্ত কৰে এছ এম ইভেণ্টৰ পৰিচালন সঞ্চালকে।

গুৱাহাটী অডিচনত নিৰ্বাচিতসকলে অহা ২৯ জুনত দিল্লীত হ'বলগীয়া সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। দিল্লীত বিজয়ী হোৱাসকলে পৰৱৰ্তী সময়ত লচ ভেগাচৰ আৰ্থ, চীনৰ মিছ গ্ল'ব গইনা, ছিংগাপুৰৰ মিছ এণ্ড মিছেছ ইন্টাৰনেট, আৰু ফিলিপাইনচৰ মিছেছ টুৰিজ্যিমৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।

লগতে বিদেশলৈ অহা-যোৱাৰ খৰচ এচ এম ইভেন্টে ব্যয় কৰিব বুলি উল্লেখ কৰে। সংবাদমেলত উপস্থিত থকা জনপ্ৰিয় অভিনত্ৰী য়াংকী পৰাশৰে সৌন্দৰ্য প্ৰতিযোগিতাখনিৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰায়।

সংবাদমেলত উপস্থিত থাকে আন্ত:ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী সুনীতা দেৱ, নীতালি পাঠক আৰু বাগ্মিতা পাঠক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।