মৰিগাঁৱৰ লাহৰীঘাটত শিশু সন্ধানহীন

 04/11/2019 - 18:53

মৰিগাঁ: লাহৰীঘাট থানাৰ অন্তৰ্গত ঔতুলাবড়ী গাঁৱৰ ওৱাহিদুল ইছলাম(৯) নামৰ এটি শিশু সন্ধানহীন হৈ আছে। জানিব পৰা মতে, যোৱা ৯ এপ্ৰিলত পুৱা স্কুললৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল শিশুটো। তাৰপিছৰ পৰাই পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোজাৰ কৰে যদিও বৰ্তমানলৈ সম্ভেদ লাভ কৰা নাই শিশুটিৰ।

শিশুটিৰ কোনো শুংসূত্ৰ লাভ নকৰাত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

কোনো সদাশয় লোকে শিশুটিৰ সম্ভেদ লাভ কৰিলে 6001374299, 8876174798 নম্বৰত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালটোৱে বিনম্ৰ অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।