ৰে'ল বিভাগৰ কৰ্মৰাজিৰ আলোচনাৰে ৰে'লৱেৰ বৈঠক

 04/11/2019 - 19:12

গুৱাহাটী: বৃহস্পতিবাৰে মহানগৰীৰ মালিগাওঁস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এখন বৈঠক। ৰে'ল বিভাগৰ বিভিন্ন সমস্যা তথা এবছৰীয়া কৰ্মৰাজিৰ ওপৰত আলোচনা কৰা হয় এই বৈঠকত।

বৈঠকত উপস্থিত থাকে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য প্ৰৱন্ধক সঞ্জীৱ ৰয় আৰু ৰে'লৱেৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল। বিভাগটোৱে পৰৱৰ্তী সময়চোৱাত কেনেধৰণে আগবাঢ়ি যাব তাৰ ওপৰত বিতংভাবে আলোচনা কৰা হয় বৈঠকত।

ৰে'ল বিভাগৰ কৰ্মচাৰীসকলক উৎসাহ জগোৱাৰ উদ্দেশ্যে বহুকেইটা শিতানত বঁটা প্ৰদান কৰা হয় এই বৈঠকত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।