বৰপেটাৰ বাৰাদীত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ উদ্ধাৰ

 10/30/2019 - 21:32

বৰপেটাঃ ২৯ অক্টোবৰত বৰপেটাৰ বাৰাদী গাঁৱত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ এটা উদ্ধাৰ হয়। কাছটো উক্ত গাঁৱত অৱস্থিত কস্তৰৱা গান্ধী বালিকা বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্রী মফিদা আহমেদে স্কুলৰ ওচৰৰ পথাৰত প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে। বুধবাৰে ৩০অক্টোবৰত বৰপেটাখণ্ড সমল বন বিষয়াৰ কাৰ্যালয়ৰ বনৰক্ষী নৃপেন্দ্ৰ দেউৰীৰ হাতত স্কুল কতৃপক্ষই অৰ্পণ কৰে দুষ্প্ৰাপ্য কাছটি। কস্তৰৱা গান্ধী বালিকা বিদ্যালয়ৰ ওৰ্ৱাডেন চুলতানা চামছুজ জাহানৰ উক্ত পদক্ষেপক স্থানীয় ৰাইজে প্ৰশংসা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.