ৰঙাপৰাত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সমাপ্ত

 04/11/2019 - 19:56

ৰঙাপৰা: লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱা ৭ বজাত আৰম্ভ হৈ শান্তিপূৰ্ণভাৱে বিয়লি ৫ বজাত সমাপ্ত হয়। শোণিতপুৰ জিলাৰ ৭৪ নং বিধানসভা সমষ্টিৰ ৰঙাপৰাৰ প্ৰতিটো ভোটকেন্দ্ৰত দিনৰ ভাগত দেখা গৈছিল ভোটাৰৰ দীঘলীয়া শাৰী।

প্ৰখৰ ৰ’দকো নেওচি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহি ৰাইজে ভোটদান কৰা পৰিলক্ষিত হৈছে। আজি ৰঙাপৰা সমষ্টিত প্ৰায় ৮০ শতাংশ ভোটাৰে ভোটদান কৰে বুলি জানিব পৰা গৈছে।

গোদামঘাট মিচিং গাঁৱৰ ১০৪ নং কেন্দ্ৰত ইভিএম মেছিনত কিছু বিসংগতি পৰিলক্ষিত হোৱাৰ বাহিৰে বাকী ভোটকেন্দ্ৰসমূহত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সমাপ্ত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।