ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিব তিনিখন আসন: প্ৰণৱ গগৈ

 04/11/2019 - 20:59

শিৱসাগৰঃ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰতো শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল দেশৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। দুই-এক ইভিএম আৰু ভিভিপেড বিসংগতিৰ বাদে ভোটদান প্ৰক্ৰিয়া আছিল সম্পূৰ্ণ শান্তিপূৰ্ণ। নিছিদ্ৰ নিৰাপত্তা বেষ্টনীৰ মাজত পুৱাৰে পৰা ৰাইজে শাৰী পাতি নিজৰ সৰ্বোচ্চ গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে আমগুৰি, শিৱসাগৰ আৰু থাওৰাত সন্ধিয়া ৫ বজালৈকে প্ৰায় ৭৫ শতাংশ লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে যিটো আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

আজি অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈয়ে শিৱসাগৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ ২৩ নং ভোট কেন্দ্ৰত ভোটদান সাব্যস্ত কৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ তিনিখন আসনত কংগ্ৰেছ দলে বিজয় সাব্যস্ত কৰিব বুলি মত পোষণ কৰে।

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰ গঠন কৰিলে নাগৰিকত্ব বিল পাছ কৰিবই বুলি নিৰ্বাচনী ইষ্টাহাৰ প্ৰকাশ কৰি বিৰোধী দলক আৰু শক্তি প্ৰদান কৰা বুলি প্ৰণৱ গগৈয়ে জানিবলৈ দিয়ে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।