চাপৰৰ চম্পাৱতী নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ

 04/11/2019 - 21:12

চাপৰ: ধুবুৰী-বঙাইগাঁও জিলাৰ সীমান্ত বহলপুৰ চম্পাৱতী নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে আজি চম্পাৱতী নৈত একাংশই মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

কিছু সময়ৰ পিছত ঘটনাস্থলীত চাপৰ-বইটামাৰী আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত চম্পাৱতী নৈৰ পৰা অৰ্ধগলিত অৱস্থাত এজন অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰে।

উল্লেখ্য যে মাছমৰীয়াই প্ৰথমে প্ৰত্যক্ষ কৰিছিল উক্ত মৃতদেহটো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।