ৰঙিয়াৰ কেন্দুকোণাত বিজেপিৰ বিশাল নিৰ্বাচনী সভা

 04/11/2019 - 21:34

ৰঙিয়াঃ ৰঙিয়া আৰু কমলপুৰ সমষ্টিৰ ভোটাৰ ৰাইজক সম্বোধন কৰাৰ উদ্দেশ্যে আজি প্ৰধনমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰঙিয়া কেন্দুকোণাত এখন নিৰ্বাচনী সভাত উপস্থিত হয়। আবেলি চাৰি বজাত মোডীয়ে হেলিকপ্টাৰেৰে আহি নিৰ্বাচনী সভাখনত উপস্থিত হৈ মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰী মোডীয়ে পূৰ্বৰ দৰে কংগ্ৰেছ দলক আক্ৰমণ কৰি ভাষণ আৰম্ভ কৰে।

কংগ্ৰেছ দলৰ বিৰুদ্ধে পূৰ্বতে উল্লেখ কৰা ধৰনে কেইবাটাও অভিযোগ কৰাৰ উপৰি কংগ্ৰেছ দলে নিজৰ বাবে ৰাজনীতি কৰে বুলি কয়। বিজেপিয়ে দেশৰ বাবে ৰাজনীতি কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে আমি দেশৰ সামগ্ৰিক উন্নয়নৰ লগতে প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা, সংস্কৃতি আৰু ৰাজনৈতিক ক্ষেত্ৰত সাংবিধানিক সুবিধা দিয়াৰ বাবে সংকল্পবদ্ধ।

অসমৰ জনজাতিসমূহৰ সুবিধা আৰু বিশেষাধিকাৰ সামান্যতমো খৰ্ব নোহোৱাকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে আমি দায়বদ্ধ। আমি বিজেপিয়ে অসমৰ হিতৰ হকে কাম কৰি আহিছোঁ। বাংলাদেশৰ অনুপ্ৰৱেশকাৰী বন্ধ কৰাৰ বাবে কাটাতাঁৰৰ ব্যৱস্থা কৰিলোঁ। আনহাতে কংগ্ৰেছে মোক দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত চকীদাৰ চোৰ বুলি কৈছে। মই কিন্তু দেশবাসীৰ, আইমাতৃৰ চকীদাৰ হ’ব পাৰিছোঁ, সেইবাবে মই অত্যন্ত সুখী।

লগতে বিশাল জনসভাত উপস্থিত থকা সমূহ ৰাইজক ''ময়ো চকীদাৰ'' বুলি শ্ল'গান দিবলৈ আহ্বান জনায়। আনহাতে এই নিৰ্বাচনী বিশাল জন সভাত 'নেডা'ৰ আহ্বায়ক তথা ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

প্ৰধানমন্ত্ৰী মোডীৰ অসম প্ৰীতিৰ ওপৰত বক্তব্য ৰাখি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ স্বাভিমান গামোচাখনক সদায় ডিঙিত আঁৰি লৈ বিশ্বৰ দৰবাৰত অসমক পৰিচয় কৰি দিয়াত মোডীক ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত পাঁচ বছৰত অসমত পৰিৱৰ্তনৰ জোৱাৰ উঠিছে। যাৰ বাবে ৰাইজে পুনৰ নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰীৰূপে বিচাৰিছে।

আজিৰ এই বিশাল নিৰ্বাচনী সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস, অসম চৰকাৰৰ মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তী, মঙলদৈৰ সাংসদ ৰমেন ডেকা, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুইন ওজা, হাউচিং বৰ্ডৰ অধ্যক্ষ যাদৱ চন্দ্ৰ ডেকা, বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন, সাধাৰণ সম্পাদক, ৰাজীৱ শৰ্মা প্ৰমূখ্যে বহু কেইজন জ্যেষ্ঠ বিজেপিৰ কৰ্মকৰ্তা উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।