বুধিয়ক নাৰ্ছে ছবি আঁকি কৰিলে দায়িত্ব পালন

 02/22/2019 - 15:30

ডিজিটেল ডেস্কঃ ভাষা উপত্তি হোৱাৰ পূৰ্বে আদিম মানৱে ভাৱ বিনিময় কৰিবলৈ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল চিত্ৰক। পৃথিৱীৰ বিভিন্ন গুহাত আদিম মানৱে অঁকা চিত্ৰই এতিয়াও সেই সত্য প্ৰতিফলিত কৰি আহিছে। দুই ব্যক্তিৰ মাজত ভাষা অন্তৰ হৈ পৰিলে যে ছবিৰে ভাব বিনিময় কৰিব পাৰি তাৰ এক সুন্দৰ উদাহৰণ পোহৰলৈ আহিছে চীনত।

চীনৰ এখন চিকিৎসালয়ত ভৰ্তি হ’ল এজন বিদেশৰ ৰোগী৷ চিকিৎসকে সকলো পৰীক্ষা কৰি ৰোগীক অপাৰেচন কৰাৰ সিদ্ধান্ত ল’লে৷ সেই বিষয়ে ৰোগীজনক বুজাই দিবলৈ দায়িত্ব পৰিল দায়িত্বৰত নাৰ্ছগৰাকীৰ ওপৰত৷

পিছে লেঠাটো লাগিল তাতেই৷ নাৰ্ছে নাজানে ইংৰাজী, ইফালে ৰোগীয়ে নাজানে চীনা ভাষা৷ কিন্তু নাৰ্ছগৰাকীয়ে যে ৰোগীক চিকিৎসকৰ কথাখিনি বুজাই নিদিলে নহ'ব৷ গতিকে নাৰ্ছগৰাকীয়ে নিজেই এক বুদ্ধি সাজি উলিয়ালে। কাগজ-কলম লৈ তেওঁ ব্যস্ত হৈ পৰিল ছবি অঁকাত। সেই ছবিখন চাই ভয়াৰ্ত ৰোগীৰ মুখতো বিৰিঙিল হাঁহি। ছবিখন চাই নাৰ্ছগৰাকীয়ে কোৱা কথাখিনি হয়তো আপুনিও বুজি পাইছে৷

বুধিয়ক নাৰ্ছগৰাকীয়ে খাদ্যভৰ্তি বাটি এটা আঁকি আগত ইংৰাজী ‘No’ শব্দটো লিখি দিছে৷ অৰ্থাৎ আজি ৰাতি ১০ বজাৰ পাছত একো খাদ্য নাখাব। একেদৰে এটা পানীৰ টেপৰ পৰা সৰি পৰা পানীৰ টোপালৰ ছবি আঁকি আগত ‘No’ শব্দটো দি ১০ বজাৰ পাছত পানী খাব নালাগে বুলি বুজাই দিছে৷ পিছৰ শাৰীত তেওঁ আঁকিছে এখন ছুৰীৰ লগতে এটোপাল তেজ৷ অৰ্থাৎ ৰোগীক অপাৰেচন কৰা হ’ব পুৱা ৮ বজাত৷

ৰোগীক বুজাবলৈ নাৰ্ছগৰাকীয়ে অঁকা এই ছবিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে বিষয়টো হৈ পৰিছে চৰ্চিত। বুুদ্ধি থাকিলে যে বিবুধিত পৰা যিকোনো পৰিস্থিতিৰ পৰাই হাত সাৰিব পাৰি তাৰেই পাঠ দিলে নাৰ্ছগৰাকীয়ে। অৱশ্যে ছ’চিয়েল মিডিয়াত একাংশই আকৌ ৰগৰ কৰি কৈছে, "ছুৰীখন তেজৰ টোপালৰ সৈতে যি ধৰণেৰে অঁকা হৈছে, যেন কাইলৈ পুৱা ৮ বজাত ৰোগীক সিপুৰীলৈ পঠিওৱাহে হ’ব !"

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।