কাৰ্বি আংলঙত হৰেণছিং বে'ৰ নিৰ্বাচনী প্ৰচাৰ

 04/12/2019 - 16:52

কাৰ্বি আংলং: কাৰ্বি আংলং জিলাৰ লাংহিন জামুগুৰিত বৃহস্পতিবাৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ মূখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৩ নং ডিফু লোকসভা সমষ্টিৰ বিজেপি দলৰ সাংসদ প্ৰাৰ্থী হৰেণছিং বে'ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

আগন্ত্তক ১৮ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী হৰেণছিং বে'ক ভোট দান কৰি জয় যুক্ত কৰাৰ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।