দলগাঁৱত মুন্নাভাই এমবিবিএছৰূপী ডাক্তৰ: অনুজ্ঞাপত্র অবিহনে চলাইছে চিকিৎসা

 04/12/2019 - 17:26

দলগাঁও: ৰাজ্যত চিকিৎসা বিজ্ঞান, চিকিৎসা খণ্ডত আমূল পৰিৱৰ্তনৰ জোঁৱাৰৰ শ্ল'গান চলি থকাৰ সময়তে দৰঙৰ দলগাঁৱৰ ঢেকেৰীগাঁৱত আবিৰ্ভাৱ ঘটিছে এজন অদ্ভুত ডাক্তৰৰ। নিজকে এমবিবিএছ বুলি পৰিচয় দিয়া এইজন চিকিৎসকে মেডিকেল ডিগ্ৰী ডিপ্ল'মা নাথাকিলেও অনেক ডিগ্ৰীধাৰী চিকিৎসকতকৈ অধিক অভিজ্ঞ বুলি জহাই ফুৰে। এইজন মুন্না ভাই ডাক্তৰৰ নাম জিয়াউৰ ৰহমান।

দলগাঁৱৰ ঢেকেৰীগাঁৱত নাৰ্ছিংহোম পাতি লৈ এজন ডিগ্ৰীধাৰী চিকিৎসকৰ দৰেই চিকিৎসা চলাই আহিছে জিয়াউৰে। তেওঁৰ ফাৰ্মাছীৰো কোনো অনুজ্ঞাপত্ৰ নাই। আনহাতে, মুন্না ভাই জিয়াউৰৰ চিকিৎসা পদ্ধতিত আয়ুৰ্বেদিক, এলোপেথিক কোনো চিকিৎসায়ে বাদ পৰা নাই। সকলো পদ্ধতিৰেই চলাই ৰোগীৰ ওপৰত পৰীক্ষা নিৰীক্ষা। কিন্তু জিয়াউৰৰ আয়ুৰ্বেদিক হওঁক বা এলোপেথিকেই হওঁক কোনো পদ্ধতিৰে নাই আনুষ্ঠানিক শিক্ষা বা ৰোগীক চিকিৎসা কৰাৰ অনুজ্ঞাপত্ৰ নাই।

জানিব পৰা মতে, বিশ্বনাথত এগৰাকী ডাক্তৰৰ ঘৰত কেইবছৰমান খাটিছিল জিয়াউৰে। তাৰ পিছৰেপৰা নিজকে তেওঁ এমবিবিএছ বুলি পৰিচয় দিয়া আৰম্ভ কৰে। বায়নৰ ঘৰৰ বোন্দায়েও ৰাগ টানেৰ দৰে জিয়াউৰে দলগাঁৱলৈ আহি লাভ কৰা অভিজ্ঞতাৰে চিকিৎসা বৃত্তি আৰম্ভ কৰিছে।

আনকি, আজিকালি সৰু সুৰা চাৰ্জাৰীৰ কামো কৰে বুলি জানিব পৰা গৈছে। এইগৰাকী মুন্নাভাই চিকিৎসকে জনোৱা মতে, চৰকাৰী চিকিৎসালয়ৰ পৰা ৰেফাৰ কৰা ৰোগীকো তেওঁ চিকিৎসা প্ৰদান কৰে।

ফাৰ্মাছীৰ অনুজ্ঞাপত্ৰ, চিকিৎসা সম্পৰ্কীয় শিক্ষা বা অনুজ্ঞাপত্ৰ নথকাৰ পিছতো কি দৰে বছৰৰ পিছত বছৰ ধৰি এনে ভুৱা চিকিৎসকে জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলি আহিছে বুলি একাংশ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।