ড্ৰাগছৰ কৰালগ্ৰাসত পূৱ মৰিগাঁও অঞ্চল

 11/03/2019 - 18:16

মৰিগাঁওঃ ড্ৰাগছে চানি ধৰিছে মৰিগাঁও জিলাৰ পূৱ অঞ্চল। পুনৰ ড্ৰাগছ সহ মহিলাক গ্ৰেপ্তাৰ৷

মৰিগাঁও মিকিৰভেটা থানাৰ অন্তৰ্গত বৰিবজাৰ এলেকাত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজন লোকৰ পৰা ৪০ হাজাৰ নগত ধন উদ্ধাৰ কৰে আৰক্ষীয়ে৷

ইমৰান হুছেইন নামৰ এজন যুৱকক চুৰি কৰা অভিযোগৰ কৰায়ত্ব কৰাৰ পাছতে চোৰৰ স্বীকাৰোক্তিত অভিযান চলাই মিকিৰভেটা আৰক্ষীৰ এটা দলে।

প্ৰতিভা বৰদলৈ হিৰা নামৰ মহিলা গৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু টকাখিনি৷ ধৃত মহিলা গৰাকী পাঘালী গাঁৱৰ ড্ৰাগছ মাফিয়া ধৰ্মেন্দ্ৰ হিৰাৰৰ পত্নী৷ ধৰ্মেন্দ্ৰ হিৰাও এজন ড্ৰাগছ সৰবৰাহকাৰী৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.