ৰঙালী বিহুৰ প্ৰাকক্ষণত লখিমপুৰত বিহু সুৰক্ষা সমিতিৰ সংবাদমেল

 04/12/2019 - 20:28

লখিমপুৰঃ সকলো বিহু সমিতিক বিহুৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ আহ্বান জনায় লখিমপুৰ বিহু সুৰক্ষা সমিতিয়ে। সমিতিৰ বিষয়-ববীয়াসকলে শুকুৰবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি বিহুৰ আয়োজকে অনুষ্ঠানৰ আটাইকেইদিন জাতীয় সাজপাৰ পৰিধান কৰাৰ লগতে ৰাইজৰ দান বৰঙনিৰে উদযাপন কৰা আমন্ত্ৰিত শিল্পৰ লগতে স্থানীয় শিল্পীকো সুবিধা দিবলৈ কয়।

তদুপৰি বিহুৰ অনুষ্ঠান ব’হাগ মাহতে সকলোকে অনুষ্ঠিত কৰিবলৈ কোৱাৰ লগতে নিশা ১২ বজাৰ পূৰ্বে সাংস্কৃতিক কাৰ্যসূচী সামৰিবলৈ সকলো বিহু সমিতিক আহ্বান জনায় বিহু সুৰক্ষা সমিতিয়ে।

লগতে সংবাদমেলত একেটা অঞ্চলতে পৃথকে পৃথকে বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে সকলো একগোট হৈ কেন্দ্ৰীয় বিহু উদযাপন কৰিবলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।