অশোকাষ্টমী উপলক্ষ্যে লোকে লোকাৰণ্য শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়

 04/12/2019 - 20:43

উত্তৰ গুৱাহাটীঃ তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত পুৰাণ প্ৰসিদ্ধ দেৱালয় বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়। আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দেৱালয় প্ৰাংগণত পঞ্চাশ হাজাৰৰো অধিক ভক্তৰ উপস্থিতিত অশোকাষ্টমী মেলা আৰম্ভ হৈছে। অশ্বক্লান্ত দেৱালয়ৰ বিষ্ণুপদ ক্ষেত্ৰ ভাৰতৰ প্ৰসিদ্ধ গয়া তীৰ্থত পিতৃপুৰুষৰ পিণ্ডদান, অস্থিক্ষেপন, তৰ্পন  পবিত্ৰ স্নানৰ বাবে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাবেশ ঘটিছে।

প্ৰবাদ অনুসৰি অশোকাষ্টমীৰ দিনা পবিত্ৰ গংগা নদীৰ পানীৰ সোঁত এধাৰি ব্ৰহ্মপুত্ৰৰ জলৰাশিত মিলিত হয়। আজি অশ্বক্লান্ত দেৱালয়ত পুৱা ১০.৩২ মিনিটত মেলাৰ শুভাৰম্ভ কৰা হয়। কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই দ্বাৰ উন্মোচন কৰে। অশোকাষ্টমী উপলক্ষ্যে এইবাৰ প্ৰথমবাৰৰ বাবে এখন মহিলাৰ দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাখনত কামৰূপ জিলাৰ কেইবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰে।

বিশিষ্ট বিচাৰক বাণী পাঠক, মনিকা মুদৈ আৰু জগদীশ শৰ্মাই প্ৰতিযোগিতাৰ অন্তত প্ৰথম স্থান চাংসাৰিৰ ৰুক্মিণী নাথৰ দেল, ২য় স্থান লাভ কৰে গৌৰীপুৰৰ ৰেখা দাসৰ দলে, ৩য় স্থান দখল কৰে ৰঙিয়াৰ সমন্বয় নামতি দলে। নিচুকনি বঁটা প্ৰদান কৰা হয় পুতুলি নাথৰ দলক।

বিশ্ব হিন্দু পৰিষদৰ উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ উদ্যোগত শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয় পৰিচালনা সহযোগত আয়োজিত প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰে দলৈ লক্ষেশ্বৰ শৰ্মা, উপদেষ্টা কুলেন চন্দ্ৰ বড়ো, মুকুটেশ্বৰ গোস্বামীয়ে। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা হাজাৰ ভক্তই ধূপ দীপ নৈবেদ্যৰে পূজা-অৰ্চনা কৰাৰ লগতে ভোগ-ভাত গ্ৰহণ কৰে।

কাইলৈ দুদিনীয়া উৎসৱৰ অন্ত পৰিব পুৱা ৮:২৯ মিনিটত। দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা অশোকাষ্টমী সফলতাৰে সম্পন্ন কৰাত সহযোগ কৰা আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসন, এচ ডি আৰ এফ আৰু উত্তৰ গুৱাহাটীৰ ৰাইজ, দাতা, সমূহ ভক্তপ্ৰাণ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।