নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ বাবে ভোটাৰৰ উষ্ম আদৰণি ভূবনেশ্বৰ কলিতাক

 04/12/2019 - 21:11

ৰঙিয়াঃ মঙলদৈ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া সাংঘাতিক ধৰণে শলঠেকত পৰা দেখা গৈছে। বিগত সময়ত বিজেপি দলৰ দখলত থকা সমষ্টিটো এইবাৰ কংগ্ৰেছ দলৰ হাতলৈ যোৱাৰ উপক্ৰম হোৱাত একপ্ৰকাৰ চিন্তিত হৈ পৰিছে ৰাজ্যিক বিজেপি। বিশেষকৈ যোৱা পাঁচটা বছৰে সাংসদ ৰমেন ডেকাই সমষ্টিটোত সময় নিদি কোনো ধৰণৰ উন্নয়ন নকৰাৰ বাবে সমষ্টিটোৰ ভোটাৰ একপ্ৰকাৰ সাংসদগৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছিল।

যাৰ বাবে বিজেপিৰ দলীয় টিকটৰ পৰা বঞ্চিত হ’ব লগা হৈছিল সাংসদগৰাকী। ইয়াৰ পৰিৱৰ্তে দলটোৱে দিলীপ শইকীয়াক প্ৰাৰ্থিত্ব দিলে যদিও শইকীয়াক লৈ চিন্তিত হৈ পৰিছে দলটোৰ শীৰ্ষ পৰ্যায়ৰ কৰ্মকৰ্তাসকল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্ৰীগেডৰ সদস্য জয়ন্ত মল্ল বুজৰবৰুৱা মঙলদৈ সমষ্টিটোৰ বাবে পৰিচিত ব্যক্তি আছিল। আনকি হিমন্তৰ অনুগামীসকলে জয়ন্ত মল্ল মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী বুলি নিশ্চিত হৈ এক প্ৰকাৰ সমষ্টিটোৰ বাবে ভিতৰি ভিতৰি প্ৰচাৰ চলাইছিল।

তেনে সময়তে ৰাজনৈতিক অংকত আউল লগাই জয়ন্ত মল্লৰ বিপৰীতে সমষ্টিটোত বিজেপিয়ে শইকীয়াক প্ৰক্ষেপ কৰে। সমষ্টিটোৰ বাবে সম্পূৰ্ণ অপৰিচিত এজন প্ৰাৰ্থীক পদক্ষেপ কৰাৰ লগে লগে অধিকাংশ সমৰ্থকে বৰ্তমানলৈ দলৰ এনে সিদ্ধান্তক সহজভাৱে ল’ব পৰা নাই। আনহাতে যোৱা লোকসভা নিৰ্বাচনত বজৰংগ দলে সমষ্টিটোত সাংঘাতিকভাৱে সহায় কৰিছিল বিজেপিৰ সাংসদ ৰমেন ডেকাক।

কিন্ত বিজেপিৰ যোৱা পাঁচ বছৰৰ কাৰ্যকালত অসন্তুষ্ট হৈ বজৰংগ দলে ৰাষ্ট্ৰীয় ভাৰত নিৰ্মাণ নামেৰে এটা দল গঠণ কৰি দেশৰ বিভিন্ন ঠাইৰ লগতে যোৱা ১৫ টা বছৰে বিজেপিৰ দখলত থকা মঙলদৈ লোকসভা সমষ্টিটোত প্ৰাৰ্থী প্ৰক্ষেপ কৰে। ৰাষ্ট্ৰীয় বজৰংগ দলে এনেদৰে প্ৰাৰ্থী পক্ষেপ কৰাৰ পিছত বিজেপিৰ মাজত থকা হিন্দু ভোটাৰসকলৰ একাংশ ভোট ভাৰত নিৰ্মাণ দলৰ প্ৰাৰ্থীগৰাকীলৈ যোৱাটো এক প্ৰকাৰ নিশ্চিত।

তেনেস্থলত পূৰ্বতকৈ দলটোৰ ভোট কমাৰ সম্ভাৱনা অধিক। এনেধৰণৰ কিছু কাৰণে বিজেপিৰ প্ৰাৰ্থীগৰাকীক চিন্তিত কৰি তুলিছে যদিও ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাসকলে কি কৌশল লয় সেয়া লক্ষ্যণীয় বিষয় হ’ব। ইফালে বিজেপিৰ মিত্ৰ দল বিপিএফৰ বাবে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে আশা কৰিছে যদিও বিটিএডিত হাগ্ৰামা মহিলাৰীয়ে সংখ্যালঘুসকলক লৈ যি ধৰণে ৰণকৌশল কৰি বিটিএডি দখল কৰি আহিছে সেই বিষয়টোৱে আন এক চিন্তাৰ কাৰণ হৈ পৰিছে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বাবে।

বিটিএডিৰ অধিকাংশ সংখ্যালঘু ভোটাৰে বিগত সময়ছোৱাত বিপিএফক যি ধৰণে সমৰ্থন কৰি আহিছে ঠিক তেনেধৰণে লোকসভা নিৰ্বাচনত সংখালঘু ভোটাৰসকলে বিজেপিৰ পক্ষত ভোট প্ৰদান নকৰিব। ইয়াৰ উপৰি সমষ্টিটোত দুজনকৈ বড়ো প্ৰাৰ্থী থিয় হোৱাৰ বাবে বড়ো ভোটাৰৰ পৰা বিজেপিয়ে কিমান লাভান্বিত হ’ব সেয়া আন এক চিন্তাৰ কাৰণ হৈ পৰিছে।

এনে এক সন্ধিক্ষণত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতা অধিক লাভান্বিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। সমষ্টিটোত এজন সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও এআইইউডিএফ দলে প্ৰাৰ্থী প্ৰদান নকৰাত দলটোৱে যে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাক ভোট প্ৰদান কৰিবলৈ এক প্ৰকাৰ সংখ্যালঘু লোকসকলক সেউজ সংকেত দিছে সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। যাৰ বাবে কলিতাৰ সমৰ্থকসকল উৎফুল্লিত হৈ থকা দেখা গৈছে।

বিশেষকৈ ভূৱনেশ্বৰ কলিতাই বিগত সময়ছোৱাত অসমৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰাৰ বাবে কলিতা ভোটাৰৰ মাজত প্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে বিলখনৰ তীব্ৰ বিৰোধিতা কৰি এজন প্ৰকৃত অসমীয়াৰ পৰিচয় দি সংসদৰ মজিয়াত বিজেপি দলক শলঠেকত পেলোৱাৰ পিছত বিজেপি দলে বিলখনৰ বাবে সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছিল।

যাৰ ফলত অসমৰ জাতীয় সংগঠনসমূহে কলিতাৰ এনে স্থিতিক শলাগ লৈছিল। যি কাৰণত নেকি লোকসভা নিৰ্বাচনত সমষ্টিটোৰ জাতীয় সংগঠনসমূহৰ কৰ্মকৰ্তাসকলে কলিতাৰ পক্ষত থকাটো একপ্ৰকাৰ নিশ্চিত কৰিছে। আনহাতে অগপ দলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰাৰ পিছত বিধেয়কখনৰ সপক্ষে থকা বিজেপি দলৰ লগত পুনৰ লগ হোৱা বিষয়টোৰ বাবে অগপৰ নেতাসকলৰ মাজত দলটোৰ অধিকাংশ সমৰ্থক খৰ্গহস্ত হৈ আছে।

যি কাৰণত অগপৰ কেইজনমান দেহৰক্ষী থকা নেতাৰ বাহিৰে কোনো জিলা পৰ্যায়ৰ নেতা নিৰ্বাচনী প্ৰচাৰৰ বাবে সভা সমিতিলৈ যাবলৈ সাহস কৰিব পৰা নাই। এনে সন্ধিক্ষণত অগপৰ অধিকাংশ তৃণমুল নেতা-কৰ্মীয়ে বিজেপিৰ পক্ষত ভোট নিদিয়াটো নিশ্চিত কৰিছে।

আনকি অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নিজৰ স্থিতি প্ৰকাশ কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ লগত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ দলক ভোট দিবলৈ ৰাইজক আহ্বান জনাইছে। থানেশ্বৰ বড়োৰ এনে আহ্বানৰ পিছত নাগৰিকত্ব সংশোধনীৰ বিৰোধিতা কৰা অগপ কৰ্মীসকলৰ পৰা পোনে পোনে কংগ্ৰেছ দলৰ প্ৰাৰ্থী কলিতা লাভান্বিত হোৱাটো এক প্ৰকাৰ নিশ্চিত।

এনে কিছুমান গুৰুত্বপূৰ্ণ দিশ বিশ্লেষণ কৰিলে কংগ্ৰেছ দলে এইবাৰ মঙলদৈ সমষ্টিটো ১৫ বছৰৰ অন্তত নিজৰ দখললৈ নিব বুলি ধাৰণা কৰিব পাৰি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।