গোলকগঞ্জত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ

 04/12/2019 - 21:43

গোলকগঞ্জ: কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক গোলকগঞ্জৰ বেলগুড়িত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত আবু তাহেৰ বেপাৰীৰ ভাগিন তথা ধুবুৰী বিধায়ক নজৰুল হকে তীব্ৰ সমালোচনা কৰে। নজৰুল হকে কয় যে দেশ আৰু দলতকৈ মোমায়েক ডাঙৰ নহয়। মোমায়েকৰ ঠাইত মোৰ আব্বা হ'লেও ম‌ই বিৰুদ্ধে প্ৰচাৰ কৰি আজমলৰ হৈ প্ৰচাৰ চলাই আজমলক ভোট দিয়াৰ আহ্বান জনালো হয়।

সেই প্ৰসংগত আজমলে কয় যে গোলকগঞ্জত আবু তাহেৰ বেপাৰীৰ প্ৰয়োজন নাই। বেপাৰী নিৰ্বাচনত জিকিব নোৱাৰে, তেওঁ নিৰ্বাচন খেলিলে টকা পইচা ধ্বংস হ’ব। গতিকে বেপাৰীক এআইইউডিএফত যোগদান কৰাৰ পৰামৰ্শ আগবঢ়ায় আজমলে। নিৰ্বাচনী প্ৰচাৰ সভাত নৰেন্দ্ৰ মোদী, অমৃত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে।

ভাষণ প্ৰসংগত আজমলে বিজেপিত অহাৰ পূৰ্বে হিমন্তৰ গাত মুছলমানৰ নিমখ আছে তেওঁ নিমখহাৰামি কৰিছে মন্তব্য কৰি হিমন্ত গংগাস্নান কৰি পবিত্ৰ হৈ আহিবলৈ কয় । লগতে তেওঁক যোগদান কৰাৰ পৰামৰ্শ আগবঢ়ায় আজমলে। প্ৰথম পৰ্যায়ত হোৱা নিৰ্বাচনত বিজেপিৰ ভোট কমিছে। নৰেন্দ্ৰ মোদী এইবাৰ হাৰিব, গতিকে তেওঁ গোলকগঞ্জত আহি চাহৰ দোকান কৰক।

এই চাহৰ দোকানৰ ভাড়া মই দিম। কাৰণ মোদীয়ে অকল চাহ পকৰা বনাব জানে। এআইইউডিএফে উন্নয়নৰ ৰাজনীতি কৰে। এআইইউডিএফ দলে ঘৰে ঘৰে স্বাস্থ্য, শিক্ষা, শান্তি আৰু প্ৰগতি বিচাৰে। যাৰ কাৰণে আজমলে 44 খন মহাবিদ্যালয় 44 বিদ্যালয় অসমৰ বুকুত স্থাপন কৰিছে শিক্ষাৰ উন্নয়নৰ বাবে। কিন্তু তাহেৰ বেপাৰী বা জাবেদ ইছলামে এইবোৰ চিন্তা কৰিব নোৱাৰে।

কাৰণ দুবাৰকৈ বিধান সভাত নিৰ্বাচিত হোৱাৰ পিছতো এখনো বিদ্যালয় বনাব পৰা নাই। দুয়োগৰাকী প্ৰাৰ্থীয়ে নিজেই শিক্ষিত নহয়। গতিকে অসমীয়া, হিন্দী, উৰ্দু, ইংৰাজী শুদ্ধকৈ ক’ব নোৱাৰে। দুয়োগৰাকী প্ৰাৰ্থীকে মঞ্চত আজমলৰ লগত আধা ঘণ্টা শুদ্ধকৈ ইংৰাজী কোৱাৰ বাবে আজমলে প্ৰত্যাহ্বান জনায়। লগতে কয় যে যিজনে আধা ঘণ্টা ভালকৈ ইংৰাজী ক’ব পাৰিব ৰাইজে তাকে ভোট দিয়াৰ আহ্বান জনায়।

মুঠতে আজি আজমলে নিৰ্বাচনী সভাখনৰ জৰিয়তে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আৰু নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তিৰস্কাৰমূলক ভাষণ প্ৰদান কৰে। হেলিকপ্টাৰেৰে নিৰ্বাচনী প্রচাৰ চলোৱা আজিৰ আজমলৰ সভাত কেইবা সহস্রাধিক ৰাইজৰ সমাগম ঘটে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।