ৰঙিয়াৰ উদিয়ানত ভয়ংকৰ পথ দুৰ্ঘটনাঃ এজনৰ মৃত্যু

 04/12/2019 - 21:51

ৰঙিয়াঃ ৰঙিয়া চহৰৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া প্ৰায় ছয় বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত নাজিৰ আলী (২৮) নামৰ বাইক আৰোহী এজন নিহত হোৱাৰ উপৰি হাচান আলী (৩০) নামৰ যুৱক এজন গুৰুতৰভাৱে আহত হয়। পিছত আহত যুৱকজনক ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও অতি সংকটজনক অৱস্থাত আছে।

জানিব পৰা মতে যুৱক দুজনে ৰঙিয়া চহৰৰ ফালৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত একে দিশত অৰ্থাৎ নলবাৰী অভিমূখে গৈ থকা এখন ট্ৰাকে যুৱক দুজন গৈ থকা AS 14-B 1391 নম্বৰৰ বাইকখনত পিছ ফালৰ পৰা খুন্দা মাৰে। লগে লগে এজন যুৱক ঘটনাস্থলীতে মৃত্যুক সাৱতি লয়। যুৱকজনে এনেদৰে মৃত্যুক সাৱতি ল’ব লগা হোৱাত এক উত্তেজনাই বিৰাজ কৰিছে।

ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ট্ৰাকখন পলায়ন কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।