শিক্ষক আলহাজ আজাদ আলীৰ দেহাৱসান

 04/13/2019 - 11:46

ডিজিটেল ডেস্ক: বিশিষ্ট শিক্ষক, হোমিঅপ্যাথিক চিকিৎসক, সাহিত্যিক, সমাজকর্মী তথা অসম মাধ্যমিক শিক্ষা পৰিষদৰ সদস্য আলহাজ আজাদ আলীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷ ১৯৪৯ চনত নলবাৰী জিলাৰ ডিৰুৱা গাৱঁত জন্মগ্ৰহণ কৰা আলহাজ আজাদ আলীৰ ৭০ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰীড়া বন্ধ হৈ মৃত্যুমুখত পৰে৷

শুকুৰবাৰে পুৱতি নিশা শুই থকা অৱস্থাতে হৃদৰোগত আক্ৰান্ত হয় শিক্ষকগৰাকী৷ লগে লগে পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়ে যদিও আধাবাটতে আলীৰ মৃত্যু ঘটে৷ আলহাজ আজাদ আলীয়ে "সবিতা", "দিন ৰাতিৰ আৰে আৰে" নামৰ দুখন উপন্যাস, ধাৰাপাত(নেওঁতা) নামৰ এখন শিশুপুথি আৰু "পৱিত্ৰ হজ সাৰথি" নামৰ এখন ধর্মীয় পুথি লিখি সমাদৰ লাভ কৰিছিল৷

ইয়াৰ উপৰি, আলহাজ আজাদ আলীয়ে একেৰাহে লচিমা হাই মাদ্ৰাছাৰ প্ৰধান শিক্ষক, বর্ণিবাৰীত হোমিঅপ্যাথিক চিকিৎসা প্ৰদান কৰাৰ লগতে অধিবিদ্যা পৰিষদৰ উপ-সভাপতি,বর্ণিবাৰী মিলন হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি, বনমাজা জামিয়া ইছলামীয়া মাদ্ৰাছাৰ সভাপতি, মিলন ঈদগাহ ময়দান কার্যকৰী সমিতিৰ সভাপতি হিচাপে কার্যনির্বাহ কৰি আছিল৷

উল্লেখ্য যে, আলহাজ আজাদ আলীয়ে অঞ্চলটোৰ সকলো সামাজিক কামত জড়িত হৈ আছিল৷ মৃত্যুৰ সময়ত আলহাজ আজাদ আলীয়ে একমাত্ৰ পুত্ৰ, চাৰিগৰাকী কন্যাক এৰি থৈ যায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।