চাউলৰ গাড়ী ভাৰতীয় খাদ্য নিগমৰ গুডামৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই কৰ্মচাৰীসকলে। যোগীঘোপাত শতাধিক কৰ্মচাৰীৰ প্ৰতিবাদ! কিন্তু কিয়?

 11/05/2019 - 18:01

যোগীঘোপাঃ অৱশেষত দৰমহা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে যোগীঘোপাস্থিত ভাৰতীয় খাদ্য নিগমৰ গুডামৰ অস্থায়ী কৰ্মচাৰীসকলে। ঠিকাদাৰৰ শোষণ বন্ধ কৰাৰ লগতে দৰমহা আদায়ৰ দাবীত এই প্ৰতিবাদ।

বিগত চাৰিদিন ধৰি কোনোধৰণৰ চাউলৰ গাড়ী গুডামৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই কৰ্মচাৰীসকলে। ভাৰতীয় খাদ্য নিগমৰ বঙাইগাঁও জিলাৰ একমাত্ৰ চাউলৰ গুডামটো যোগীঘোপাত অৱস্থিত। অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ চলি থকাৰ বাবে বহিঃৰাজ্যৰ পৰা কঢ়িওৱা চাউলৰ গাড়ী আৱদ্ধ হৈ আছে যোগীঘোপাত। প্ৰতিবাদৰ ফলত বঙাইগাঁও জিলাৰ কেইবাখনো সমবায় সমিতি আৰু চৰকাৰী বিদ্যালয় মধ্যাহ্ন ভোজনৰ চাউল সংগ্ৰহ কৰিবলৈ পোৱা নাই।

দীৰ্ঘদিন ধৰি ঠিকাদাৰে অস্থায়ী কৰ্মচাৰীসকলক প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত আৰু আনাদয় কৰি ৰাখিছে। সুমীত ৰয় নামৰ ঠিকাদাৰজনৰ অধিনত প্ৰায় ১০০ গৰাকী অস্থায়ী কৰ্মচাৰী দিনে নিশাই কঁপালৰ ঘাম মাটিত পেলাই কাম কৰি আছে যদিও ঠিকাদাৰৰ শোষণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷

অস্থায়ী কৰ্মচাৰীসকলে অতি কষ্টৰ বিনিময়ত পাবলগীয়া টকা কেইটা সুমীত ৰয় নামৰ ঠিকাদাৰ জনে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে। দীৰ্ঘদিনৰ পৰা ঠিকাদাৰ জনে মাহৰ দৰমহা, পি এফ আদিৰ খেলিমেলি কৰি অহাত নিজৰ প্ৰাপ্যৰ বাবে ঠিকাদাৰজনক শ্ৰমিকসকলে যোগাযোগ কৰাত গুৰুত্ব প্ৰদান নকৰাত চাৰিদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়।

অৱস্থান ধৰ্মঘট কৰি ঠিকাদাৰৰ শোষণ নীতি বন্ধ কৰক, আমাক শ্ৰমৰ বিনিময়ত উচিত দৰমহা প্ৰদান কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.