হিমন্ত বিশ্ব শৰ্মা মিছলীয়া ব্যক্তি, তেওঁৰপৰা আঁতৰি থাকক: তৰুণ গগৈ

 04/13/2019 - 12:23

হাউলী: দেশৰ মোডী দুই নম্বৰ চকীদাৰ আৰু হিমন্ত বিশ্ব শৰ্মা তিনি নম্বৰ চকীদাৰ, চকীদাৰেই যদি চোৰ হয় দেশৰ উন্নতি হ'ব কেতিয়া? এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ। ১২ এপ্ৰিলৰ দিনৰ ১১-১৫ বজাত ৬ নং বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেকৰ হাউলীত অনুষ্ঠিত হোৱা এখন বিশাল নিৰ্বাচনী সভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে এইদৰে তীৰ্যক মন্তব্য কৰে।

প্ৰাক্তন মন্ত্ৰী তথা চেঙা বিধানসভা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত গগৈয়ে পুনৰ কয় যে, বিজেপি এটা সাম্প্ৰদায়িক দল। এই দলে বিভিন্ন সম্প্ৰদায়ৰ মাজত বিভেদৰ সৃষ্টি কৰি ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা কৰি আহিছে। এই বিজেপি দলক ভাৰতবৰ্ষ তথা অসমৰ পৰা চিৰ বিদায় দিবলৈ বৰপেটাবাসীক গগৈয়ে আহ্বান জনায়।

নাগৰিকত্ব সংশোধনী বিধেয়ক আনি বিজেপি দলে হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব খুজিছে। কংগ্ৰেছ দলে অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ আগত অহা হিন্দু নাইবা মুছলমান সকলোকে ভাৰতীয় নাগৰিক বুলি মানি লৈছে। এই চুক্তিৰ পিছত অহা বিদেশী হিন্দু বা মুছলমান লোকসকলে অসম ত্যাগ কৰিবই লাগিব বুলি গগৈয়ে কয়।

আনকি, হিমন্ত বিশ্ব শৰ্মা গোকাট মিছা কথা কোৱা ব্যক্তি তেওঁৰ পৰা আঁতৰি থাকিবলৈও অসমবাসীক অনুৰোধ জনায় গগৈয়ে। অসমত ভাষা কলা-কৃষ্টি, সংস্কৃতি ৰক্ষা কৰিবলৈ কংগ্ৰেছ দলক ভোট দি ভ্ৰাতৃত্ববোধ শক্তিশালী কৰি তুলিবলৈ ৰাইজক আহ্বান জনায়। কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকক হাতৰ ছবিত ভোট দি বিপুল ভোটত নিৰ্বাচিত কৰিবলৈয়ো বৰপেটাবাসীক আহ্বান জনায়।

উক্ত সভাত প্ৰাক্তন মন্ত্ৰী নিলমণি সেন ডেকা, সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক আব্দুৰ ৰহিম আহমেদ, আব্দুছ ছামাদ আহমেদ, দলৰ ৰাজ্যিক সম্পাদক খলিলুৰ ৰহমান, আব্দুল কাইয়ুম, দলৰ প্ৰাৰ্থী আঃখালেক, হাউলী পৌৰ সভাৰ সভানেত্রী ববিয়াৰা বেগম, উপ সভাপতি বিমল কৰ্মকাৰসহ ভালে সংখ্যক নেতা-কৰ্মী উপস্থিত থাকে। 

সভাত এআইইউডিএফৰ বৰপেটা জিলা সমিতিৰ সম্পাদক পীৰ জাহান আহমেদে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে।

চাৰি হাজাৰতকৈ অধিক লোক সভাখনত উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।