বৰপেটাত কমলা কলিতাৰ নিৰ্বাচনী প্ৰচাৰ

 04/13/2019 - 12:44

বৰপেটা: বৰপেটাত নিৰ্বাচনী যুজঁ ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে। প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। কালি আবেলি বৰপেটাৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কলগাছিয়াৰ জনতাত উপস্থিত হয় অসম গণ পৰিষদৰ নেতা কমলা কলিতা।

এই সভাত তেওঁ ভাষণ প্ৰসংগত কংগ্ৰেছ আৰু এআইইউডিএফ দলক তীব্ৰ সমালোচনা কৰে। অসমৰ প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অগপক গুপ্ত হত্যাকাৰীৰ দল বুলি কোৱা এক প্ৰশ্নৰ উত্তৰত কলিতাই কয় যে, তৰুণ গগৈ এজন মিছলীয়া ব্যক্তি আৰু তৰুণ গগৈৰ নিচিনা মিছলীয়া মানুহ ৰাজনীতিৰ ইতিহাসত নাই।

কাৰণ তৰুণ গগৈৰ ১৫ বছৰীয়া শাসন কালত তেওঁ কেইবাটাও আয়োগ গঠন কৰিলে আৰু এই আয়োগে কিয় তেওঁলোকক দোষী সাব্যস্ত কৰিব নোৱাৰিলে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে।

অসম গণ পৰিষদে এনডিএৰ সৈতে লগ লাগি অধিক উন্নয়ন কৰিব বুলি মন্তব্য কৰি অগপই তিনিটা আসনৰ ২ টা নিশ্চিতভাবে পাব বুলি কলিতাই দাবী কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।