উদ্যোগপতিক কোটিটকীয়া লোন, দুখীয়াক মন কী বাতঃ জঙ্গলপাৰাত মোদীক আক্ৰমণ ভূৱনেশ্বৰ কলিতাৰ

 04/13/2019 - 13:13

দলগাঁও: ''উদ্যোগপতিলৈ কোটিটকীয়া লোন আৰু দুখীয়াৰ বাবে মাথো মন কী বাত। মোদীৰ মন কী বাত শুনক, পেটত গামোচা বান্ধি শুই থাকক আৰু একো নাই। নাই কৃষকৰ বাবে ভাল সুবিধা, নাই খাদ্য, নাই নিবনুৱাৰ সংস্থাপন। বৃহৎ উদ্যোগপতিৰ বাবে ৰাজভঁৰাল খালী কৰি লোন দিছে। চকীদাৰ থাকোতেই তেওঁলোক পলাল কেনেকৈ?'' এই প্ৰশ্ন ৮ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ।

আজি দৰং জিলাৰ দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত খাৰুপেটীয়া, জঙ্গলপাৰা আৰু বেছিমাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই মোদী চৰকাৰৰ বিফলতাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছ প্ৰাৰ্থীজন। মোদীৰাজত দেশৰ অৰ্থনীতি আৰু সাংবিধানিক সংস্থাসমূহ তচনচ হোৱাৰ অভিযোগ তুলি দেশবাসী চকীদাৰৰ কুশাসনৰ পৰা মুক্তি বিচৰাৰ কথা দোহাৰে কলিতাই।

বছৰেকত দুই কোটি চাকৰি দিম বুলি কোৱা নৰেন্দ্ৰ মোদী নিবনুৱাৰ জীৱনক লৈ ল'ৰা ধেমালি কৰিছে। বিজেপিয়ে জনসাধাৰণক দিয়া কোনো এটা প্ৰতিশ্ৰুতি পালন নকৰিলে। দেশবাসীয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ চলিত নিৰ্বাচনত দিব বুলি তেওঁ দাবী কৰে।

ইফালে, অসম গ্ৰামোন্নয়ন বিভাগত হোৱা নিযুক্তি কেলেংকাৰীক লৈ অসমৰ জুনিয়ৰ চকীদাৰসকলৰ প্ৰতি সৰৱ হৈ কলিতাই কয়, ৰাহুল গান্ধীয়ে কোৱাৰ দৰে যদি চকীদাৰেই চুৰ হয় তেন্তে জনতাই তেনে চকীদাৰ সলাবলৈ বাধ্য হ'ব। আনহাতে, বিধায়ক ইলিয়াছ আলীয়ে ভাষণ প্ৰসংগত কয়, দেশজুৰি বিভেদকামী শক্তিক প্ৰতিহত কৰিবলৈ যি সিদ্ধান্ত লৈছে তাৰ বাবে বদৰুদ্দিন আজমল চাহাবক ধন্যবাদ জনাইছো।

দেৰিকৈ হলেও আজমলে বুজি পাইছে। এআইইউডিএফ দলে মাত্ৰ তিনিটা সমষ্টিত প্ৰাৰ্থী দিছে। বাকী সমষ্টিসমূহত বিবেক ভোটৰ আহবান জনাইছে। যিহেতু তেওঁ দলৰ সভাপতি, পোনপটীয়াকৈ কংগ্ৰেছক ভোট দিবলৈ ক'ব নোৱাৰে। গতিকে এআইইউডিএফ কৰ্মী সমৰ্থকে কংগ্ৰেছ প্ৰাৰ্থীসকলক ভোট দিবলৈ আহবান জনোৱাৰ সমান্তৰালকৈ একাংশ এআইইউডিএফ কৰ্মী সমৰ্থকে নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন কৰা কাৰ্যত আক্ষেপ প্ৰকাশ কৰে।

তেওঁ কয়, মই জানো আপোনালোকে খং কৰিছে। লাগিলে অহা বিধানসভা নিৰ্বাচনত মোক পৰাজিত কৰক। মই হাৰিলেই জাতিৰ কোনো ক্ষতি নহয়। ক্ষুদ্ৰ স্বাৰ্থৰ বাবে জাতিধ্বংসী সিদ্ধান্ত পৰিহাৰ কৰি ভূৱনেশ্বৰ কলিতাক জয়ী কৰাবলৈ খাটনি ধৰে। সভাত উপস্থিত জিলা কংগ্ৰেছৰ সভানেত্ৰী ৱাহিদা আহমেদে ঘৃণা, বিদ্বেষৰ বিৰুদ্ধে আৰু সাম্প্ৰদায়িক সদ্ভাৱ আৰু উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছক ভোট দিবলৈ ৰাইজক আহবান জনায়।

ইফালে, ক্ষমতালৈ আহিলে 'ন্যায়' আঁচনিৰ জৰিয়তে কংগ্ৰেছ চৰকাৰে প্ৰতিজন দুখীয়াক মাহেকত ছয় হেজাৰকৈ টকা দিয়াৰ কথা ঘোষণা কৰে ৱাহিদা আৰু সাংসদ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাই। সভাৰ অন্তত সাংবাদিকৰ প্ৰশ্নোত্তৰত কলিতাই কয়, মই নিৰ্বাচিত হলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰিলেনযুক্ত পথলৈ উন্নীত কৰিম। দৰং জিলাখন যোগাযোগ আৰু উদ্যোগৰ ক্ষেত্ৰত অতিকৈ পিছপৰি আছে। তেওঁ অতি সোণকালে ৰে'লপথৰ লগতে উদ্যোগিকভাবে জিলাখনক উন্নত কৰিব বুলি কয়।

আজিৰ সভাত জিলা কংগ্ৰেছৰ লগতে সমষ্টি, ব্লক আৰু মণ্ডল কংগ্ৰেছৰ নেতা কৰ্মীৰ লগতে প্ৰায় দুই সহস্ৰাধিক লোক উপস্থিত থাকে। মনকৰিবলগীয়া কথাটো যে, একাধিকবাৰ বিজেপিৰ দখলত মঙ্গলদৈ লোকসভা আসনখন এইবাৰ কংগ্ৰেছৰ দখললৈ আহিবই বুলি কংগ্ৰেছী মহলে কৰা দাবীক সাধাৰণ জনতাই কিদৰে লয় সেয়া সময়ত লক্ষ্যণীয় হ'ব।

সমষ্টিটোত অহা ১৮ তাৰিখে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।