২১ সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলাত ৰাজ্যিক আইনসেৱা প্ৰাধিকাৰীৰ উদ্যোগত আইন সজাগতা বিপণি

 11/06/2019 - 20:09

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেল প্ৰাংগণত বৰ্তমান ২১ সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলা চলি আছে। গ্ৰন্থ মেলাৰ এখন বিপণিয়ে সকলোকে আকৰ্ষিত কৰা পৰিলক্ষিত হয়।

কিয়নো ন্যায়ৰ বাবে উত্তৰ পূৱ আৰু জম্মু কাশ্মীৰ প্ৰকল্পৰ অধীনত, অসম ৰাজ্যিক আইনসেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু ন্যায় বিভাগ, বিধি আৰু ন্যায় মন্ত্ৰালয়, ভাৰত চৰকাৰৰ সহযোগত জনসাধাৰণৰ সুবিধাৰ্থে অসমত পোন প্ৰথমবাৰৰ বাবে এই বিপণি মুকলি কৰা হয়।

এই বিপণিখনত ন্যায় প্ৰাধিকৰণে আইন সম্পৰ্কীয় কেতবোৰ হাতপুঁথি বিনামূলীয়াকৈ বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও প্রতি সন্ধিয়া গ্রন্থমেলাৰ বাকৰিত আইন সজাগতাৰ উদ্দেশ্য একোখনকৈ বাটৰনাট পৰিৱেশন কৰা হয়। উক্ত বিপণি আৰু বাটৰনাট প্ৰদৰ্শনে গ্ৰন্থমেলালৈ অহা গ্ৰন্থ প্ৰেমীৰ মাজত বিপুল সহাঁৰি লাভ কৰিব সক্ষম হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.