ফকিৰগঞ্জত নিৰ্বাচনী প্ৰচাৰ বদৰউদ্দিন আজমলৰ

 04/13/2019 - 13:31

দক্ষিণ শালমাৰা মানকাচৰ: দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত শুক্ৰবাৰে আবেলি ৩ বজাত ভোটাৰক আকৰ্ষিত কৰিবলৈ হেলিকপ্টাৰেৰে উপস্থিত হৈ এক বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় ধুবুৰী লোকসভা সমষ্টিৰ এআইইউডিএফ দলৰ প্ৰাৰ্থী তথা এআইইউডিএফ প্ৰধান মৌলানা বদৰউদ্দিন আজমলে। 

সভাত বিৰোধীক তুলাধুনা দিয়াৰ লগতে বিশ্বনাথৰ ঘটনাটো বিজেপিৰ মানুহে সংঘটিত কৰিছে বুলি অভিযোগ তুলি বিজেপি চৰকাৰ হ'লে মুছলমানক গাহৰিৰ মাংস খাবলৈ বাধ্য কৰিব বুলি মন্তব্য দিয়ে এআইইউডিএফ প্ৰধান মৌলানা বদৰউদ্দিন আজমলে। 

ইফালে, বিৰোধী দলৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক মামা বুলি আখ্যা দি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামক কঠোৰ সমালোচনা কৰে আজমলে। এনআৰচিৰ পৰা ৪০ লাখ মানুহৰ নাম বাদ পৰা সময়ত আবু তাহেৰ বেপাৰী হিমন্তৰ লগত আৰু জাবেদ ইছলাম বিজেপিৰ ভিতৰত আছিল বুলি মন্তব্য দিয়ে বদৰউদ্দিন আজমলে।

আনহাতে, উক্ত জনসভাত জৰা-ফুকা আৰু পানী জাৰি দিয়াতো ব্যস্ত হয় আজমল। 

উল্লেখ্য যে, এইবাৰ আজমলে ধুবুৰী লোকসভা সমষ্টি দখল কৰিব পাৰিব নে নাই এয়া নিৰ্বাচনৰ পিছতহে পোহৰলৈ আহিব। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।