ছাৰা আলী খানৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ গোচৰ

 04/13/2019 - 13:51

ডিজিটেল ডেস্ক: অভিনেত্ৰী সাৰা আলী খানৰ ওপৰত দিল্লী পুলিচৰ গোচৰ। হয়, আপুনি ঠিকেই শুনিছে। বৰ্তমান সকলো সময়তে মিডিয়াত চৰ্চিত হৈ থকা বলিউড অভিনেত্ৰী সাৰা আলী খানৰ ওপৰত দিল্লী পুলিচে গোচৰ তৰিছে।

দিল্লীৰ ৰাজপথত হেলমেট পৰিধান নকৰাকৈয়ে তেওঁ বাইকৰ পিছপিনে উঠে। সেয়ে পুলিচে অভিনেত্রীগৰাকীক ট্ৰেফিক নিয়ম উলংঘাৰ অপৰাধত গোচৰ তৰে। উল্লেখ্য যে, অভিনেত্ৰীগৰাকী বৰ্তমান ব্যস্ত "হৈ আছে 'লভ আজ কল-২' নামৰ ছবিখনৰ শ্বুটিঙত।

সেইসূত্ৰে শ্বুটিঙৰ এটা দৃশ্যত সহশিল্পী কাৰ্টিক আৰিয়নৰ লগত এটি দৃশ্য দিল্লীৰ ৰাজপথত আছিল আৰু এই শ্বুটিঙৰ মাজতে তেওঁক দিল্লী আৰক্ষীয়ে কৰায়ত্ত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।