তামুলপুৰৰ গান্ধীবাৰীত বিহুৰ প্ৰস্তুতি

 04/13/2019 - 14:03

তামুলপুৰ: হেঁপাহৰ ৰঙালী বিহুলৈ মাজত আৰু মাত্ৰ এটা দিন৷ ৰাজ্যৰ চৌদিশে এটিয়া ঢোল-পেপাৰ গুমগুমনি৷ তামুলপুৰবাসী ৰাইজো ব্যস্ত এতিয়া ৰঙালীক আদৰিলৈ৷

তামুলপুৰৰ গান্ধীবাৰীত দক্ষিণ দেফেলী ছাত্ৰ সন্থাৰ উদ্যোগত চলি থকা দহদিনীয়া বিহু কৰ্মশালাৰ অন্তিম আখৰাত ব্যস্ত শতাধিক কণ কণ শিশু-কিশোৰ, যুৱক-যুৱতী৷

আনহাতে, বিহুৰ দিনকেইটাত ঘৰে ঘৰে জেং বিহু মাৰিবলৈ অন্তিম আখৰাত ব্যস্ত কচুবাৰীৰ সমন্বয় জেং বিহু দলৰ মহিলাসকল ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।