লখিমপুৰ জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ কাৰ্যত ক্ষুব্ধ ৰাইজ

 04/13/2019 - 15:14

লখিমপুৰ: লখিমপুৰ জিলাৰ বগীনদী উন্নয়নখণ্ডৰ অধীনৰ তথা চাউলধোৱা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ধলবস্তিস্থিত এটা পানী যোগান আঁচনি যোৱা ১ বছৰতকৈও অধিক দিন ধৰি সম্পুৰ্ণৰূপে বিকল হৈ থকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷

চিলিমপুৰ, ধলবস্তি, মাজ ধলবস্তি, মঠাউৰি লাইন আদি ৰাইজৰ একমাত্ৰ ভৰষাৰ থল পানী যোগান আঁচনিটো বিকল হৈ পৰাত গুৰুতৰ সমস্যাত ভুগিছে ৰাইজ৷ ৰাইজৰ মতে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উত্তৰ লখিমপুৰ সংমণ্ডলৰ বিষয়ববীয়াক বাৰম্বাৰ জনোৱাৰ পিছতো মাজে-সময়ে পানী যোগান আঁচনিতো পৰিদৰ্শন কৰাৰ বাহিৰে অন্য একো গুৰুত্ব দিয়া নাই কৰ্তৃপক্ষই৷

ৰাইজৰ সমস্যাৰ প্ৰতি পিঠি দি বিয়াগোম বিভাগটোৰ এই সোপাধিলা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে চাউলধোৱা গাওঁ পঞ্চায়তৰ চাৰিখনকৈ গাঁৱৰ ৰাইজে৷

এই প্ৰতিবেদনৰ পিছত গা লৰিবনে উত্তৰ লখিমপুৰ সংমণ্ডলৰ বিষয়াগৰাকীৰ সেইয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।