বিশ্বনাথ কাণ্ডৰ প্ৰতিবাদ আৰু দোষীক শাস্তিৰ দাবীত ঢেকীয়াজুলিত নেমছু, কৃষক মুক্তিৰ প্ৰতিবাদ

 04/13/2019 - 17:07

বিশ্বনাথ: বিশ্বনাথ জিলাৰ বিশ্বনাথ সপ্তাহিক বজাৰত চৌকত আলি নামৰ এজন ব্যৱসায়িক গো-মাংসক কেন্দ্র কৰি ব্যৱসায়ীজনৰ ওপৰত শাৰিৰীক অত্যাচাৰৰ লগতে ব্যৱসায়ীজনক জুৰজুলুমকৈ গাহৰিৰ মাংস খুৱাই দিয়াৰ পিছত আজিলৈকে প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ অব্যাহত আছে। যোৱাকালি ঢেকীয়াজুলিত উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ ঢেকীয়াজুলি নগৰ সমিতিৰ উদ্যোগত আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোণিতপুৰ জিলা আহ্বায়ক সমিতিয়ে ঢেকীয়াজুলিত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্ত্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

দুটা সংগঠনৰ সদস্যসকলৰ লগতে শ শ ৰাইজেও স্ব-ইচ্ছাই অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, বিশ্বনাথ কাণ্ডৰ দুষ্কৃতিকাৰীক ফাঁচী দিয়ক, হিন্দু মুছলিম ভাই ইত্যাদি বিভিন্ন শ্ল'গানেৰে ঢেকীয়াজুলিৰ আকাশ বতাহ উত্তাল কৰি তোলে।

প্ৰতিবাদী কার্যসূচীত উপস্থিত থাকি নেমছু'ৰ সভাপতি বদৰুল ইছলামে কয়, অসম হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱ, আজান পীৰ আৰু ভূপেন হাজৰিকাৰ সমন্বয়ভূমি আৰু সম্প্ৰদায়িকতাক অসমৰ ৰাইজে আশ্ৰয় নিদিয়ে। তাৰোপৰি ইছলামে কয় যে, মানৱ জাতিটো হৈছে প্ৰকৃতিৰ শ্ৰেষ্ঠ জীৱ। সেয়েহে মানুহে মানুহক হিংসা আৰু অন্যায় কৰিব নাপায়। গণতান্ত্ৰিক দেশত কোনে কি খাব বা কোনে কি পিন্ধিব সেইটো ব্যক্তিজনৰ নিজা কথা, একান্ত ব্যক্তিগত।

বিশ্বনাথ চাৰিআলিৰ এনে দুৰ্ভাগ্যজনক ঘটনাৰ বাতৰি সমগ্ৰ বিশ্বৰ সংবাদ মহলে প্ৰচাৰ কৰাত এজন অসমীয়া হিচাবে লজ্জাবোধ কৰিছো। ঘটনাৰ লগত জড়িত কেইজনমান অভিযুক্তক গ্ৰেপ্তাৰ কৰা বাবে বিশ্বনাথ জিলা প্ৰশাসনৰ লগতে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে নেমছুৰ সভাপতিগৰাকীয়ে।

বিশ্বনাথ সাপ্তাহিক বজাৰৰ মহলদাৰ আৰু এজন পান দোকানীৰ লগতে ঘটনাটোৰ লগত জড়িত সকলো দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি দিয়াৰ দাবী জনায় বদৰুল ইছলামে। চৌকত আলিক বিশ্বনাথ থানাত ২৪ঘণ্টা বহাই ৰক্ষা কাৰ্যক নেমছু আৰু কৃষক মুক্তিয়ে সহজে মানি ল'ব পৰা নাই। বিশ্বনাথ আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ শীৰ্ষ মহলক আহ্বান জনায় নেমছু'ৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে।

লগতে তেওঁ কয়, অপৰাধী অথবা দুষ্কৃতিকাৰীৰ কোনো নিৰ্দিষ্ট জাতি-ধর্ম নাই। তেওঁলোকৰ এটাই ধর্ম সেইটো হৈছে অপৰাধী আৰু তেওঁলোক সমাজ অথবা দেশৰ শত্ৰু। সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ তেওঁ আহ্বান জনায়। শ শ লোকে কৰা প্ৰতিবাদস্থলীত উপস্থিত থাকে নেমছু'ৰ সহ-সাধাৰণ সম্পাদক জুলফিকাৰ আহমেদ, শোণিতপুৰ জিলা সমিতিৰ সভাপতি আজনুৰ হুছেইন, সম্পাদক ছাহিল আহমেদ, ঢেকীয়াজুলি নগৰ সমিতিৰ সভাপতি ৰাজিকুল ইছলাম।

কৃষক মুক্তিৰ শোণিতপুৰ জিলাৰ আহ্বায়ক কমিটীৰ সদস্য আবুল হুছেইন আৰু আব্দুল কাদিৰ, সমৰ আলী, ছহিদুল ইছলাম, জাকিৰ আলী, ফখৰুদ্দিন আলী, শ্বাজাহান আলী, আকবৰ আলী, জাকিৰ আলী, নুৰ হুছেইন আদি নেতা উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।