ধুবুৰীত আজি পালন কৰা হয় অশোকাষ্টমী যজ্ঞ

 04/13/2019 - 18:11

চাপৰ: আজি মহা অশোকাষ্টমী স্নান। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ ঐতিহ্যমণ্ডিত চান্দৰডিঙ্গা পাগলা বাবা মন্দিৰত উচ্ছাস উদ্দীপনাৰে পালন হৈছে পবিত্ৰ অশোকাষ্টমী স্নান আৰু শান্তি যজ্ঞ। পুৱা ৬ বজাৰ পৰা সম্পূৰ্ণ মাঙ্গলিক প্ৰথাৰে আৰম্ভ হয় পবিত্ৰ স্নান। ইয়াৰ পিছতে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় শান্তি যজ্ঞানুষ্ঠান।

যজ্ঞানুষ্ঠানত নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়। আনহাতে মন্দিৰ চৌহদত উদযাপন কৰা হয় বিহু, বাঁহ নৃত্য, কুশাণ নৃত্য, কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য আদি। অশোকাষ্টমীৰসমূহ কাৰ্যসূচীত উপস্থিত থাকি স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীয়ে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ব্ৰহ্মপুত্ৰ নদী উপকুলত অৱস্থিত চান্দৰডিঙাত পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে অসম চৰকাৰে এক চল্লিছ হাজাৰ টকাৰ মঞ্জুৰীৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ঘোষণা কৰে।

তদুপৰি চান্দৰডিঙাত এটা সদ ভাৱনা মঞ্চ নিৰ্মাণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি তোলা হয় বুলি তেওঁ জানিবলৈ দিয়ে। অনুষ্ঠানত গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ, ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ অসম মিত্ৰজোঁট তথা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম উপস্থিত থাকে।

ধুবুৰী সাংসদৰ অগপ প্ৰাৰ্থী জাভেদ ইছলামে মন্দিৰত বাবাৰ আশীষ গ্ৰহণ কৰি কয় যে, তেওঁ ক্ষমতালৈ আহিলে ইয়াত বৃহৎ পৰ্যটন কেন্দ্ৰ গঢ়ি তুলিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।