মাতৃৰ অমৃতাৰ ঘৰ এৰিলে নেকি ছাৰা আলী খানে ?

 02/22/2019 - 17:31

দিল্লী: বলীউডৰ মোহময়ী অভিনেত্ৰী ছাৰা আলী খানৰ নাম আহিছে চৰ্চাত। পিছে এই চৰ্চা ছাৰাৰ অভিনয়ৰ বাবে হোৱা নাই, হৈছে এখন ফটোক কেন্দ্ৰ কৰিহে। ছাৰা আলী খানৰ এখন বিশেষ ফটো য'ত তেওঁ কেপচন দিছিল যে, 'এইয়া নতুনৰ আৰম্ভণি'। তাৰ পিছতে ছবিখন হৈ পৰিল ভাইৰেল।

ভাইৰেল হোৱা ছবিখনত ছাৰাই মাক অমৃতা সিঙৰ মুম্বাইৰ ঘৰ এৰা বুলি চৰ্চাৰ বিষয় হৈ পৰিছিল। অলপতে অনুষ্ঠিত হোৱা নাইকা ফেমিনা বিউটী এৱাৰ্ডত এই সম্পৰ্কত সাংবাদিকে ছাৰাক সোধা প্ৰশ্নত তেওঁ কয় যে, "এইটো এটা উৰাবাতৰি। মই মোৰ মাৰ লগতে আছো আৰু মই তেওঁৰ লগত অতি সুখী"। লগতে তেওঁ ৰসিকতা কৰি কয় যে ভগৱানে কৰিলে আৰু বহুত সময়লৈকে তেওঁৰে মূৰ খাম।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।