উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত জালিয়ানৱালাবাগৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

 04/13/2019 - 18:25

উত্তৰ গুৱাহাটী: আজি জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ এশ বছৰ সম্পূৰ্ণ হ'ল। ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক সুঁৱৰি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

আজি পুৱা নিকেতনৰ প্ৰাৰ্থনা গৃহত আচাৰ্য, আচাৰ্য্যা, বিদ্যাৰ্থীসকলে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে বীৰ শ্বহীদসকলক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সভাত প্ৰধান আচাৰ্য উৎপল তালুকদাৰ আৰু উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই ছাত্ৰ ছাত্ৰীসকলৰ আগত কিদৰে জালিয়ানৱালাবাগ হত্যাকাণ্ডই দেশৰ স্বাধীনতা সংগ্ৰামত বিশেষ প্ৰভাৱ পেলাইছিল তাৰ ওপৰত চমু আলোকপাত কৰে।

আজি জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ ১০০ বছৰ সম্পূৰ্ণ হ'ল। জালিয়ানৱালাবাগ হত্যাকাণ্ড ভাৰতীয় উপমহাদেশেৰ ইতিহাসৰ অন্যতম কুখ্যাত গণহত্যা। ১৯১৯ চনৰ ১৩ এপ্রিল তাৰিখে অৰ্থাৎ আজিৰ দিনটোত অবিভক্ত ভাৰতৰ পাঞ্জাব প্রদেশৰ অমৃতসৰ চহৰ ইংৰাজ সেনাবিষয়া ব্রিগেডিয়াৰ ডায়াৰৰ নিৰ্দেশত এই হত্যাকাণ্ড সংঘটিত হয়।

এই চহৰৰ জালিয়ানৱালাবাগ নামৰ এখন উদ্যানত সমবেত নিৰস্ত্ৰ জনগণৰ ওপৰত গুলিবর্ষণ কৰা হৈছিল। ১০০০ অধিক লোকে এই হত্যাকাণ্ডত প্ৰাণ হেৰুৱাইছিল।

এই হত্যাকাণ্ডৰ প্রতিবাদতে কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে ইংৰাজ চৰকাৰ প্ৰদান কৰা "নাইটহুড" উপাধি ত্যাগ কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।