গোলকগঞ্জত মধ্যাহ্ন ভোজনক কেন্দ্ৰ কৰি আমছুৰ তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী

 11/08/2019 - 17:07

গৌৰীপুৰঃ ১ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় সমূহত এনজিঅ দ্ধাৰা পৰিচালিত মধ্যাহ্ন ভোজন বিতৰণত হোৱা খেলিমেলিৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে সংগতি ৰাখি ধুবুৰী জিলা আমছুৱে গোলকগঞ্জৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰতিমূৰ্তি দাহ কৰে ধুবুৰী জিলা আমছুয়ে।

অসম চৰকাৰ হায় হায় শিক্ষা মন্ত্ৰী মুৰ্দাবাদ, ছাত্ৰ ছাত্ৰীৰ জীনৱক লৈ হেতালি নচলিব, অস্বাস্হ্যকৰ মিড ডে মেল খাদ্য বন্ধ কৰক, বহিৰাগত এনজিঅ দ্বাৰা খাদ্য যোগান বন্ধ কৰক, স্হানীয় এনজিঅ ৰ দ্বাৰা মিড ডে মেল যোগান ধৰক, সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বিত্তীয় ধনৰ কেলেংকাৰী চি বি আইৰ দ্বাৰা তদন্ত কৰক, ছাত্ৰ ছাত্ৰীৰ বিত্তীয় ধন মোকলাই দিয়ক। নহ’লে অনাগত দিনত গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰা হ’ব। আদি শ্লোগানেৰে আকাশ বতাহ কপাই তোলে ধুবুৰী জিলা আমছুয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।