গড়কাপ্তানী বিভাগৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ খাৰুপেটীয়াত

 04/13/2019 - 18:44

খাৰুপেটীয়া: দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহশীলতাৰ কথা কোৱা সোণোৱাল চৰকাৰৰ গড়কাপ্তানী বিভাগত চলিছে ব্যাপক দুৰ্নীতি। জানিব পৰা মতে, দৰঙৰ দলগাঁও গ্ৰাম্য পথ উপ সংমণ্ডলৰ অধীনস্থ খাৰুপেটীয়াৰ জিএনবি ৰোডৰ অচিনতলা গড়কাপ্টানী পথ মেৰামতিৰ নামত চলিছে ব্যাপক দুৰ্নীতি।

দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰজনে অনিয়মৰ মাজেৰে পথৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ লগতে আমছুৰ। চৰকাৰী প্ৰাককলন নিয়ম উলংঘা কৰি কৰা কামত বাধা দিয়াৰ বাবেই দুই দলৰ মাজত হতাহতিৰ সৃষ্টি হয়। অভিযোগ মতে, পূৰ্বৰ মজবুত পকী পথৰ ওপৰত নামমাত্ৰ ধূলি বালি দি মাত্ৰ বাৰ ফুট বহল কৰি চিমেন্টৰ ইটাৰে পথটো মেৰামতি চলাই আছে ৷

ব্যাপক অনিয়মৰ মাজেৰে প্ৰাককলন বহিৰ্ভূতভাৱে নাম ফলক নোহোৱাকৈ খালেক নামৰ ঠিকাদাৰ এজনে কামটো কৰি আছে যদিও কামটোত জড়িত কাৰিকৰী বিষয়াসকলে সম্পূৰ্ণ নিমাত হৈ আছে ৷ পূৰ্বৰে পৰা পকী হৈ থকা পথটোত বিচনাৰ দৰে লেপ-তুলি পাৰি দি অধিক লাভৰ আশাত পথত ধূলি- বালি মাটি চটিয়াই দি চিমেন্টৰ ইটা পাৰি গৈছে৷

জানিব পৰা মতে, পূৰ্বৰ পকীপথৰ অংশ উঠাই দিব লাগে যদিও ঠিকাদাৰে গড়কাপ্টানী পথটোত ২০ -২৫ ফুটৰ ব্যৱধানত মাত্ৰ এক ডেৰ ফুট বহলকৈ ভাঙি কাম আৰম্ভ কৰাত জাঙুৰ খাই উঠিছে একাংশ স্থানীয় সচেতন ৰাইজ। মুঠতে ব্যাপক দুৰ্নীতিৰ মাজেৰে কামটো সম্পন্ন কৰি থকাৰ পাছতো বিভাগীয় কতৃপক্ষই দেখিও নেদেখাৰ ভাওঁ জুৰি থকাৰ অভিযোগ উঠিছে৷

মেৰামতিৰ নামত সংঘটিত ব্যাপক দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে তদন্ত কৰি প্ৰাক-কলন মতে পথৰ মেৰামতিৰ কাম সম্পন্ন কৰাৰ বাবে ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে হস্তক্ষেপ দাবী কৰে জিলা উপায়ুক্ত ঘনশ্যাম দাসৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।