কলগাছিয়াত বজ্ৰপাত পৰি শিশুৰ মৃত্যু

 04/14/2019 - 13:00

বৰপেটা: বৰপেটা জিলাৰ কলগাছিয়াৰ তাপাজুলিত আজি ৰাতিপুৱা হোৱা বজ্ৰপাতত একে পৰিয়ালৰে কন্যা শিশু নিহত হোৱাৰ লগতে শিশুটিৰ পিতৃ-মাতৃ গুৰুতৰভাবে আহত হয়। জাহিদা খাতুন নামৰ শিশুটি জাফৰ আলী আৰু ৰুকিয়া খাতুনৰ কন্যা।

ৰাতিপুৱা ঘৰৰ ভিতৰত বহি থকাৰ সময়তে ঘৰৰ ওপৰত বজ্ৰ পৰে। লগে লগে আহতসকলক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে জাহিদা খাতুনক মৃত বুলি ঘোষণা কৰে।

আহত পিতৃ-মাতৃ বৰ্তমান বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।