গৰুক গা ধুৱাবলৈ গৈ ছাত্ৰ নিখোজ

 04/14/2019 - 13:21

উত্তৰ গুৱাহাটী: আজি গৰু বিহুৰ দিনা উত্তৰ গুৱাহাটীত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। ব্ৰহ্মপুত্ৰত গৰুক গা ধুৱাবলৈ গৈ প্ৰবাল হাজৰিকা নামৰ ছাত্রজন নিখোজ হৈছে। দেউতাক অজয় হাজৰিকাক (তনুজ) জীৱিত অৱস্থাত স্হানীয় ৰাইজে উদ্ধাৰ কৰে।

নিখোজ হোৱা প্ৰবাল হাজৰিকা গুৱাহাটী পানবজাৰৰ শংকৰদেৱ একাডেমিৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিল। ছাত্ৰজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

ঘটনাৰ এঘন্টা পাছতো এনডিআৰএফ আৰু নৈ আৰক্ষী উপস্থিত নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে। বৰ্তমান এন ডি আৰ এফ আৰু নৈ আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

গৰু বিহুৰ দিনা এনে ঘটনাত সমগ্ৰ উত্তৰ গুৱাহাটীতে শোকৰ ছাঁ পৰিছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।