গোলকগঞ্জত মহিলাৰ এটিএমকাৰ্ড সলনি কৰি প্ৰৱঞ্চকে লুটিলে ধন

 04/14/2019 - 13:49

গোলকগঞ্জ: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে চল প্ৰৱঞ্চকৰ সংখ্যা। গোলকগঞ্জৰ এটিএমৰ পৰা টকা উঠাবলৈ গৈ তেনে এক প্ৰৱঞ্চকৰ বলি হ'ব লগা হ'ল এগৰাকী দুখীয়া মহিলা। ঘটনাটো সংঘটিত হয় যোৱা ১১ এপ্ৰিলত ।

দক্ষিণ কাচখানা গাঁৱৰ গীতা মোদক নামৰ এগৰাকী মহিলাই নিজৰ একাউন্টৰ টকা উঠাবলৈ গোলকগঞ্জ এটিএমলৈ যায়। মহিলাগৰাকীয়ে এটিএমৰ পৰা টকা উঠাব নজনা বুলি জানি যুৱক এজনে সহায় কৰিবলৈ আগবাঢ়ি আহে। মহিলাগৰাকীয়ে টকা উঠোৱাৰ বাবে যুৱক জনক নিজৰ এটিএম কাৰ্ডখন দিয়াৰ লগতে গোপন পিন নাম্বাৰো দিয়ে।

অলপ সময়ৰ পিছতে যুৱকজনে এটিএম কাৰ্ডখন বেয়া বুলি কৈ মহিলাগৰাকীক ঘূৰাই দিয়ে। বিয়াৰ খৰচৰ বাবে টকাৰ প্ৰয়োজন হোৱাত মহিলাগৰাকী কাচখানা এচবিআইৰ মেনেজাৰৰ কাষ চাপে।

কিন্তু যুৱকজনে এটিএম কাৰ্ড সলনি কৰি ইতিমধ্যে ৬০ হেজাৰ টকা জহিৰুল ইছলাম নামৰ এজন লোকৰ একাউন্টত ট্ৰেন্সফাৰ কৰা বুলি মেনেজাৰে ভুক্তভোগী মহিলাগৰাকীক জানিবলৈ দিয়ে।

ঘটনা সম্পৰ্কত মহিলাগৰাকীয়ে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈ দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।